অসম

assam

ETV Bharat / state

বাংলাদেশলৈ প্ৰত্যাৰ্পন কৰা হ'ল 20 গৰাকী বাংলাদেশী - bangladeshi deportation

অবৈধ ভাৱে ভাৰতত প্ৰৱেশ কৰিছিল বাংলাদেশীকেইজনে৷ শাস্তিৰ ম্যাদ সম্পূৰ্ণ কৰাৰ পাচত কৰিমগঞ্জৰ পৰা বাংলাদেশলৈ উভতাই পঠিওৱা হয় বাংলাদেশী কেইজনক৷

বাংলাদেশলৈ প্ৰত্যাৰ্পন কৰা হ'ল 20 গৰাকী বাংলাদেশী

By

Published : May 5, 2019, 12:33 PM IST

কৰিমগঞ্জ, 4 মে' : কৰিমগঞ্জৰ পৰা বাংলাদেশলৈ প্ৰত্যাৰ্পন কৰা হ'ল 20 গৰাকীকৈ বাংলাদেশীক৷ কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তৰে স্বদেশলৈ উভতাই পঠিওৱা হ'ল অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী নাগৰিককেইজনক৷

বাংলাদেশলৈ প্ৰত্যাৰ্পন কৰা হ'ল 20 গৰাকী বাংলাদেশী

নিৰ্ধাৰিত শাস্তিৰ ম্যাদ ওকলাৰ পাছত শনিবাৰে কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্ত দি তেঁওলোকক বৰ্ডাৰ গাৰ্ডে বাংলাদেশক হস্তান্তৰ কৰে৷ ২০ জনীয়া দলটোত আছে ১৯ গৰাকী পুৰুষৰ লগতে এগৰাকীকৈ মহিলা৷ দলটোত থকা বাংলাদেশী নাগৰিক কেইজন হৈছে ক্ৰমে, আজিম উদ্দীন(চিলেট), আমেদ উদ্দীন(চিলেট), সমীৰ উদ্দীন(চিলেট), আব্দুল গফুৰ(চিলেট), চান্দ আলি(চিলেট), আলিম উদ্দীন(চিলেট), আব্দুল লতিফ(চিলেট), ৰবীন্দ্ৰ দাস (কিশোৰগঞ্জ), দিগেন চন্দ্ৰ দাস(কিশোৰগঞ্জ), ছাহ আলি মিয়া(কিশোৰগঞ্জ), ইব্ৰাহিম তালুকদাৰ(কিশোৰগঞ্জ), ফাৰুক মিয়া(মৌলভি বজাৰ), আলো ৰাণী দাস৷

অসম ত্ৰিপুৰা সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল বাংলাদেশী কেইজনে৷ বৰাকৰ কৰিমগঞ্জ আৰু কাছাৰ জিলাৰ বিভিন্ন ঠাইৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বাংলাদেশীকেইজনে৷ শিলচৰৰ ডিটেনছন কেম্পত দুবছৰৰ পৰা চাৰিবছৰলৈ শাস্তি ভোগ কৰিছিল অবৈধ বাংলাদেশী কেইজনে৷

ABOUT THE AUTHOR

...view details