অসম

assam

ETV Bharat / state

নিলামবজাৰত জনসমাগম কিন্তু প্ৰশাসন নীৰৱ কিয় ! - Karimganj

কৰিমগঞ্জত আৰক্ষী চকীৰ ওচৰতেই নিশা 10 বজালৈ চলি আছে বজাৰ ৷ কিন্তু উপযুক্ত ব্যৱস্থা ল'বলৈ কোনো কাণ-সাৰ নাই আৰক্ষী প্ৰশাসনৰ ৷

144 Violation At Karimganj nilambazar
নিলামবজাৰত জনসমাগম কিন্তু প্ৰশাসন নীৰৱ কিয় !

By

Published : Jul 18, 2020, 4:21 PM IST

কৰিমগঞ্জ, 18 জুলাইঃ লক ডাউনৰ সকলো নিয়ম নীতি উলংঘা কৰি কৰিমগঞ্জৰ নিলামবজাৰত প্ৰতিদিনে চলি আছে বজাৰ ৷ ৰাতিপূৱাৰে পৰা নিশা 10 বজা পৰ্যন্ত বজাৰ খনত খোলা থাকে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান ৷

সমগ্ৰ দেশৰ লগতে ৰাজ্যত অব্যাহত আছে মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে লক ডাউন ৷ ইতিমধ্যে চৰকাৰ প্ৰশাসনে ৰাজ্য জুৰি জাৰি কৰিছে সান্ধ্য আইন ৷ কিন্তু কৰিমগঞ্জৰ নিলামবজাৰত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য ৷ বজাৰখনতপ্ৰতি নিশাই ভংগ হৈছে 144 ধাৰা ৷ নিলামবজাৰ আৰক্ষী চকীৰ 500 মিটাৰ দূৰত থকা বজাৰখন নিশা 10 বজালৈকে খোলা থকাৰ বাবে বজাৰত সদায় জনসমাগম হয় । এই ক্ষেত্ৰত স্থানীয় আৰক্ষী প্ৰশাসনে কোনো ব্যৱস্থা নোলাৱাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ একাংশ সচেতন লোক ।

নিলামবজাৰত জনসমাগম কিন্তু প্ৰশাসন নীৰৱ কিয় !

ইতিমধ্যে নিলামবজাৰ এলেকাৰ পাঁচ জন চেলুনৰ কৰ্মচাৰী কৰ'ণাত আক্ৰান্ত হোৱা বুলি চিনাক্ত হৈছে যদিও তেওঁলোকৰ পৰাই গণ সংক্ৰমণ হোৱা বুলি আশংকা কৰিছে ৷ প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই এনেদৰে সদাই নিশা দহ বজালৈকে বজাৰ খন খোলা থাকে ৷ আনহাতে আন একাংশই অভিযোগ উত্থাপিত কৰিছে যে, প্ৰশাসনক মেনেজ কৰি একাংশ ব্যৱসায়ীয়ে এই কাৰ্য চলাই গৈছে । অতি শীঘ্ৰে উক্ত বজাৰ খনৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে একাংশ সচেতন মহলে ।

লগতে পঢ়ক- জালুকবাৰীত অগ্নিকাণ্ড: নিমিষতে ছাৰখাৰ 4 টা বাসগৃহ

ABOUT THE AUTHOR

...view details