কৰিমগঞ্জ, 12 নৱেম্বৰ : অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অপৰাধত দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 14 গৰাকী বাংলাদেশী নাগৰিকক ৷ মানৱ সৰবৰাহ আৰু অনুপ্ৰৱেশৰ বিৰুদ্ধে দেশজোৰা অভিযানৰ অংশ হিচাবে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIA ই প্ৰায় 25 গৰাকী লোকক গ্ৰেপ্তাৰ কৰাৰ চাৰিদিন পাচত দেওবাৰে গ্ৰেপ্তাৰ কৰে উক্ত বাংলাদেশী নাগৰিক কেইগৰাকীক ।
এগৰাকী জ্যেষ্ঠ আৰক্ষীৰ বিষয়াই জনোৱা মতে, দক্ষিণ ত্ৰিপুৰাৰ সীমান্তৱৰ্তী ছাব্ৰুমৰ এখন ঘৰৰ পৰা মহিলা আৰু শিশুসহ 14 গৰাকী বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে । উক্ত বাংলাদেশী নাগৰিকৰ ভিতৰত আছে ছটা শিশু, ছয়গৰাকী মহিলা আৰু চাৰিজন পুৰুষ ।
উল্লেখ্য যে, শনিবাৰে বাংলাদেশৰ নাগৰিককেইগৰাকীয়ে অবৈধভাৱে দক্ষিণ ত্ৰিপুৰাত প্ৰৱেশ কৰি ছাব্ৰুম মহকুমাৰ অন্তৰ্গত বৈষ্ণৱপুৰ গাঁৱৰ এজন ভাৰতীয়ৰ ঘৰত আছিল ৷ বাংলাদেশী নাগৰিককেইগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাচত সীমান্ত নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে বিষয়টোৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰু অতি সোনকালে লোককেইগৰাকীক স্থানীয় আদালতত হাজিৰ কৰোৱা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।