কৰিমগঞ্জ,18 এপ্ৰিল: কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱণাৰ প্ৰতি লক্ষ্য ৰাখি 17 দিন কোৱাৰেন্টাইনত ৰখাৰ পিছত 13 জন লোকক নিজ ঘৰলৈ উভতি যোৱাৰ অনুমতি দিলে কৰিমগঞ্জ জিলা প্ৰশাসনে ৷ উল্লেখ্য যে, অসমৰ প্ৰথম কৰ'ণা আক্ৰান্ত বুলি চিনাক্ত হৈছিল কৰিমগঞ্জৰ জিলাৰ বদৰপুৰ সমষ্টিৰ হাসানপুৰৰ জামাল উদ্দিন ৷ ইয়াৰ পাছতে জামাল উদ্দিনৰ 7 গৰাকী নিকট আত্মীয়সহ বদৰপুৰ এলাকাৰ মুঠ 13 জন লোকক গিৰীশগঞ্জ মডেল চিকিৎসালয়ত কোৱাৰেন্টাইনত ৰাখিছিল জিলা প্ৰশাসনে । যোৱা 31 মার্চৰ ৰাতিৰ পৰা 17 এপ্ৰিললৈকে তেওঁলোকক আইচ'লেশ্যনত ৰখা হৈছিল ৷
কোৱাৰেন্টাইনত থকা 13 জন ব্যক্তি মুকলি কৰিমগঞ্জ প্ৰশাসনৰ - Karimganj administration
যোৱা 31 মার্চৰ ৰাতিৰ পৰা 17 এপ্ৰিললৈকে তেওঁলোকক আইচ'লেশ্যনত ৰখা হৈছিল ৷
![কোৱাৰেন্টাইনত থকা 13 জন ব্যক্তি মুকলি কৰিমগঞ্জ প্ৰশাসনৰ 13 people under quarantine release by Karimganj administration after 17 days](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6838780-742-6838780-1587193383415.jpg)
কোৱাৰেন্টাইনত থকা 13 জন ব্যক্তি মুকলি কৰিমগঞ্জ প্ৰশাসনৰ
কোৱাৰেন্টাইনত থকা 13 জন ব্যক্তি মুকলি কৰিমগঞ্জ প্ৰশাসনৰ
বিগত 17 টাকৈ দিন কোৱাৰেন্টাইনত ৰখাৰ পাছত ব্যক্তি কেইজনৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা নপৰাত শুকুৰবাৰে নিশা ব্যক্তি কেইগৰাকীক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে জিলা প্ৰশাসনে ৷
লগতে পঢ়কঃ ৯ গৰাকীকৈ কৰ'ণাত আক্ৰান্ত সুস্থ হৈছে অসমত