কৰিমগঞ্জ, 7 নৱেম্বৰ :অসমৰ মাটি আগ্ৰাসন আৰু অসমৰ নাগৰিকৰ মৃত্যুৰ প্ৰতিবাদত শনিবাৰে ৰাতিপুৱা 5 টাৰ পৰা সন্ধিয়া 5টা লৈকে ছাত্ৰ সংগঠন (ACKHSA)ই 12 ঘণ্টীয়া বৰাক বন্ধৰ আহ্বান কৰিছে ৷ এই বন্ধক সমৰ্থন জনাইছে বিভিন্ন ৰাজনৈতিক দলসহ অৰাজনৈতিক সংগঠনে ।
মিজো দুষ্কৃতিৰ হাতত অসমীয়া লোকৰ হত্যা আৰু অসম মিজোৰাম সীমা বিবাদৰ স্থায়ী সমাধানৰ দাবীত আজি এই বৰাক বন্ধৰ আহ্বান জনাইছে ছাত্ৰ সংগঠনটোৱে । বন্ধৰ প্ৰভাব পুৱাৰে পৰা দেখা গৈছে বৰাক উপত্যকাত । বন্ধক স্বতঃস্ফূর্ত বাবে সমৰ্থন জনাইছে কৰিমগঞ্জৰ ৰাইজে ।