কৰিমগঞ্জ, 7 নবেম্বৰ :অসম-মিজোৰাম সীমান্তত চলি থকা সীমা বিবাদ আৰু মিজোৰ আগ্ৰাসন ৰোধত অসম চৰকাৰৰ দুৰ্বল স্থিতিৰ বিৰোধিতাৰে শনিবাৰে 12 ঘন্টীয়া বৰাক বন্ধৰ আহ্বান জনাইছে আকছাই ৷ কৰিমগঞ্জ জিলাৰো প্ৰায় সংখ্যক স্থানত এই বন্ধৰ ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷
কৰিমগঞ্জতো আকছাৰ বৰাক বন্ধৰ প্ৰভাৱ
আকছাৰ উদ্যোগত 12 ঘন্টীয়া বৰাক বন্ধৰ আহ্বান ৷ কৰিমগঞ্জ জিলাৰো প্ৰায় সংখ্যক স্থানত এই বন্ধৰ ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷
আকছাৰ বৰাক বন্ধ
বন্ধৰ পৰিপ্ৰেক্ষিতত বন্ধ হৈ পৰিছে দোকান-পোহাৰ, যান-বাহনৰ চলাচল আদি ৷ এম এছ এফৰ উদ্যোগত প্ৰতিবাদী সমদল বাহিৰ কৰি মিজোৰ আগ্ৰাসনৰ বিৰোধিতা কৰিছে সংগঠন টোৱে ৷
লগতে পঢ়ক :নীলাপানী হ্ৰদত পুনৰ সন্ধানহীন যুৱক