ডিফু, ১৫মে': শনিবাৰে দিন-দুপৰতে ডিফুৰ সমীপৱৰ্তী ডিফু-ধনশিৰি পথৰ ওপৰতে এজন ব্যৱসায়ীক গুলীয়াই হত্যা কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি অচিনাক্ত দুৰ্বৃত্তই ম’বাইল ব্যৱসায়ীজনক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে ৷
উল্লেখযোগ্য যে, মৃত যুৱকজন ডিফু শীতলাবাৰী নিবাসী দিপক সিনহাৰ পুত্ৰ দেৱজিৎ সিনহা (২১) বুলি চিনাক্ত কৰা হৈছে ৷ জানিব পৰা মতে, ডিফুৰ পৰা বাইকেৰে ধনশিৰীৰ মাহীয়েকৰ ঘৰলৈ গৈ আছিল যুৱকজন ৷ ইপিনে যুৱকজনৰ সৈতে বাইকখনত এগৰাকী যুৱতীও আছিল ৷ সেই সময়তে হাতীকেম্প নামৰ ঠাইত দুই অচিনাক্ত দুৰ্বৃত্তই আগভেটি ধৰে যুৱকজনক ৷ কিছু সময় তৰ্কাতৰ্কিত লিপ্ত হোৱাৰ পাছতেই নিচেই কাষৰ পৰা তিনিটাকৈ গুলী মাৰি হত্যা কৰে যুৱক জনক ৷