অসম

assam

ETV Bharat / state

বৰ্ণাঢ্যভাৱে কাৰ্বি আংলঙত বিশ্ব খিলঞ্জীয়া দিৱস পালন - হিলছ পিপুলছ কালচাৰেল ফ'ৰাম

9 আগষ্ট দিনটোত সমগ্ৰ বিশ্বতে পালন কৰা হয় বিশ্ব খিলঞ্জীয়া দিৱস ৷ আন ঠাইৰ সমান্তৰালকৈ কাৰ্বি আংলঙৰ সেউজ পাহাৰৰ নান্দনিক পৰিৱেশৰ মাজত বাৰে ৰহণীয়া বেশ-ভূষাৰে পালন কৰা হ'ল বিশ্ব খিলঞ্জীয়া দিৱস পালন ৷

world-indigenous-day-celebrated-in-karbi-anglong-with-a-great-atmosphere
বৰ্ণাঢ্য বেশ-ভূষাৰে কাৰ্বি আংলঙত বিশ্ব খিলঞ্জীয়া দিৱস পালন

By

Published : Aug 9, 2021, 10:13 PM IST

ডিফু, 9 আগষ্ট : বিশ্ব খিলঞ্জীয়া দিৱস উপলক্ষে সোমবাৰে কাৰ্বি আংলঙৰ সেউজ পাহাৰৰ নান্দনিক পৰিৱেশৰ মাজত বসবাস কৰা বিভিন্ন খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ পৰাম্পৰাগত সাজ-পোছাকৰে বৰ্ণময় হৈ পৰিল তাৰালাংচৰ বাকৰি ৷ বিশ্ব খিলঞ্জীয়া দিৱসৰ পৱিত্ৰ দিনটোত তাৰালাংচ’ৰ বৃহৎ সাংস্কৃতিক প্ৰকল্পৰ ইক' পাৰ্কত হিলছ পিপুলছ কালচাৰেল ফ'ৰামৰ উদোগত অনুষ্ঠিত বিশ্ব খিলঞ্জীয়া দিৱস ৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ যুৱক-যুৱতীয়ে বৰণীয়া বেশ-ভূষাৰে উক্ত কাৰ্যসূচীক বৰ্ণময় কৰি তোলে ৷

ডিমাছা ষ্টুডেণ্ট ইউনিয়নৰ সভাপতি ধীৰাজ ডিফুচাই আঁত ধৰা কাৰ্যসূচী চলাই নিয়ে হিলছ পিপুলছ কালচাৰেল ফ'ৰামৰ অধ্যক্ষ লাইচান ইংলেঙে ৷ উক্ত কাৰ্যসূচীত কাৰ্বি, ডিমাচা, ৰেংমা, কুকি, মান টাই, আহোম, গোৰ্খা, আদিবাসী আদি জনজাতিৰ লোক সকল বিভিন্ন পৰাম্পৰাগত সাজ-পোছাক পৰিধান কৰি উপস্থিত থাকে ৷ অনুষ্ঠানত আহোম সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকন উপস্থিত থাকে ৷

বৰ্ণাঢ্য বেশ-ভূষাৰে কাৰ্বি আংলঙত বিশ্ব খিলঞ্জীয়া দিৱস পালন

জিতু ফুকনে নিজৰ ভাষণ প্ৰসংগত কয় যে, প্ৰতি গৰাকী খিলঞ্জীয়াই বিভিন্ন জাতিৰ মাজত সমন্বয় সেতুখন বৈবাহিক সম্বন্ধৰ পৰা আদি কৰি বিভিন্ন প্ৰকাৰে দৃঢ় কৰিব লাগে ৷ পাৰস্পৰিক বিশ্বাস আৰু সহযোগিতাৰ জৰিয়তে খিলঞ্জীয়া সকলৰ মাজত ভাতৃত্ববোধ অটুট ৰাখিব লাগে ৷

লগতে পঢ়কঃজাৰি হ'ল নতুন SOP: শিথিল হ'ল সান্ধ্য আইনৰ সময়

আনহাতে হিলছ পিপুলছ কালচাৰেল ফ'ৰামৰ অধ্যক্ষ লাইচান ইমলেঙে সাংবাদিকৰে সৈতে বাৰ্তালাপত কয় যে, কাৰ্বি আংলঙত সংঘটিত হৈ অহা বিভিন্ন গোষ্ঠীগত সংঘাত সমূহ এই শুভ দিনতে পৰিহাৰ কৰি ইজনে সিজনক প্ৰেমেৰে আকোঁৱালি লব লাগে ৷ সকলো সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধান কৰাত সকলো খিলঞ্জীয়া ভূমিপুত্ৰই আগভাগ ল’ব লাগে ৷ লগতে হেৰাই যাব ধৰা খিলঞ্জীয়া কৃষ্টি-সংস্কৃতি সংৰক্ষণৰ ব্যৱস্থাও কৰিব লাগে বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷

ইফালে বিভিন্ন খিলঞ্জীয়াৰ ভাষা, কৃষ্টি সংস্কৃতিৰ আদান-প্ৰদানেৰে পাৰস্পৰিক সম্বন্ধ অধিক কটকটীয়া কৰাৰো আহ্বান জনাই হিলছ পিপুলছ কালচাৰেল ফ'ৰামৰ অধ্যক্ষ লাইচান ইমলেঙে ৷

লগতে পঢ়কঃএইবাৰ দুৰ্গা পূজা হ’বনে ? উৎসাহ হেৰুৱাইছে কৰিমগঞ্জৰ মৃৎ শিল্পী সকলে...

ABOUT THE AUTHOR

...view details