ডিফু, 16 মাৰ্চ: সমগ্ৰ বিশ্বৰ লগতে বিশ্ব গ্ৰাহক অধিকাৰ দিৱস (World Consumer Rights Day 2022) ৰ লগত সংগতি ৰাখি কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত আয়োজন কৰা হয় এক সজাগতা সভা ৷ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু অল হিলছ ট্ৰাইব্ছ চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীজৰ সহযোগত গ্ৰেটাৰ বজাৰ কমিটীৰ ডিফুৰ কাৰ্যালয়ত আয়োজন কৰা হয় এই সজাগতা সভাখনিৰ (World consumer rights day observed at Diphu) ৷ এই সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ডিফু ন্যায়িক আদালতৰ অধিবক্তা ৰশ্মি ভড়ালী আৰু সোণম স্বামী ৷
দুয়োগৰাকী বক্তাই উপস্থিত দৰ্শকসকলক উদ্দেশ্যি গ্ৰাহকসকলৰ আইনগত অধিকাৰৰ দিশসমূহৰ ওপৰত বিস্তৃতভাৱে বাখ্যা আগবঢ়ায় ৷ অধিবক্তা সোণম স্বামীয়ে ভাষণ প্ৰসংগত কয় যে, বিক্ৰেতাই গ্ৰাহকসকলক বিক্ৰীজাত সামগ্ৰীৰ গুণগত দিশটো ভালদৰে বুজাই দিব লাগে ৷ এইটো গ্ৰাহকৰ অধিকাৰ ৷ গ্ৰাহকে সামগ্ৰী ক্ৰয় কৰাৰ সময়ত সচেতন ৰোৱাটো বাঞ্চনীয় (Consumer Rights and Responsibilities That Every Indian Should Know) ৷