ডিফু, ২৭ জানুৱাৰী: উত্তৰ পূৰ্বাঞ্চলত জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগ আশংকা হ্ৰাস বিষয়ক লৈ শুকুৰবাৰে কাৰ্বি আংলঙৰ ডিফুত এক কৰ্মশালা অনুষ্ঠিত কৰা হয়(Workshop on disaster risk reduction) ৷ জি-২০ আৰু ৱাই ২০ সন্মিলনৰ লগত সংগতি ৰাখি ডিফু চৰকাৰী মহাবিদ্যালয়ত এই কৰ্মশালাখন আয়োজন কৰা হয়(G20 Summit in Assam) ৷ ডিফু বিধানসভা সমষ্টিৰ বিধায়ক বিদ্যাছিং ইংলেং(MLA Bidyasing Inglang) মুখ্য অতিথি হিচাপে উপস্থিত থাকি কৰ্মশালাখন উদ্বোধন কৰে ৷
ডিফু চৰকাৰী মহাবিদ্যালয়ৰ উদ্যোগত আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ লগতে কাৰ্বি আংলং জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত এই কৰ্মশালাত 'উত্তৰ-পূৰ্বাঞ্চলত জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগ আশংকা হ্ৰাস'(Disaster risk reduction and Climate change) বিষয়ত আলোচনা কৰা হয় ৷ উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ জীৱ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড৹ অজিত কুমাৰ তামুলী আৰু ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক আতুৰ কিৰি ইংতি ৷
জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগৰ আশংকা হ্ৰাসৰ ওপৰত আলোকপাত কৰাৰ লগতে স্থানীয়ভাৱে হোৱা জলবায়ুৰ পৰিৱৰ্তন আৰু ইয়াৰ প্ৰতিকাৰৰ ওপৰতো বিস্তৃত ব্যাখ্যা আগবঢ়ায় সমল ব্যক্তিদ্বয়ে ৷ ইফালে জি ২০ আৰু ৱাই ২০ সন্মিলনত অংশগ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত 'স্পৰ্টচ এজ এ কেৰিয়াৰ ইন ইণ্ডিয়া' থীম হিচাপে লৈ এক তৰ্ক প্ৰতিযোগিতাও অনুষ্ঠিত হয় মহাবিদ্যালয়খনত ৷