ডিফু, 27 জুনঃ উত্থাপিত অভিযোগ অনুসৰি, ডিমাপুৰত গঢ় লৈ উঠা ছিণ্ডিকেট চক্ৰই অসমৰ মাজেৰে বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আছে চোৰাং কাঠ ৷ আৰক্ষীৰ হাতত এনে কাঠভৰ্তি ট্ৰাক জব্দ হোৱাৰ পাছতো অপ্ৰতিৰোধ্যভাৱে চোৰাং কাঠৰ সৰবৰাহৰ ধাৰাবাহিকতা অব্যাহত আছে বুলি অভিযোগ উত্থাপন হৈছে ৷ বিগত 21 জুনতো এখন কাঠভৰ্তি ট্ৰাক কাৰ্বি আংলঙৰ বৰপথাৰ আৰক্ষীয়ে জব্দ কৰি শিলনীজান বন বিভাগৰ হাতত চমজাই দিয়ে ৷ কিন্তু শুকুৰবাৰে পুনৰ বোকাজানৰ পূৱ বন সংমণ্ডলৰ কাৰ্যালয়ৰ সমুখত একাংশ স্থানীয় ৰাইজে RJ-23 GB-5402 নম্বৰৰ এখন কাঠভৰ্তি ট্ৰাক আৱদ্ধ কৰি বনবিভাগক খবৰ দিয়ে ৷
বোকাজানত জব্দ কাঠভৰ্তি ট্ৰাক - কাঠভৰ্তি ট্ৰাক
জানিব পৰা অনুসৰি দীৰ্ঘদিনৰ পৰাই ডিমাপুৰৰ পৰা অসমৰ মাজেৰে চলি আছে চোৰাং কাঠৰ সৰবৰাহ ৷ শুকুৰবাৰে বোকাজানৰ পূৱ বন সংমণ্ডলৰ কাৰ্যালয়ৰ সমুখত একাংশ স্থানীয় ৰাইজে RJ-23 GB-5402 নম্বৰৰ এখন কাঠভৰ্তি ট্ৰাক আৱদ্ধ কৰি বনবিভাগক খবৰ দিয়ে ৷
পৰৱৰ্তী সময়ত বনবিভাগৰ লোকে গাড়ীখনৰ নথিপত্ৰ পৰীক্ষা কৰাত টি.পি অবিহনেই ট্ৰাকখনে ডিমাপুৰৰ পৰা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কাঠ কঢ়িয়াই অনাৰ তথ্য পোহৰলৈ আহে ৷ আনহাতে নথি পত্ৰৰ মাজত থকা জোখ-মাখৰ তালিকাত প্ৰয়োজনীয় স্বাক্ষৰ নথকাৰ কথা বন বিভাগৰ লোকে মুকলিকৈ প্ৰকাশ কৰে ৷ জানিব পৰা মতে ট্ৰাকখনে ডিমাপুৰৰ মেচাৰ্চ এল.কে.চি টিম্বাৰ ট্ৰেন্সপৰ্টাৰৰ পৰা মঙ্গলদৈৰ দীপিলাৰ মেচাৰ্চ কলিতা টিম্বাৰছ চপলৈ কাঠখিনি নি আছিল ৷ ট্ৰাকখনত থকা জোখ-মাখৰ নথিত ৭২৩ টুকুৰা কাঠ নিয়া বুলি হিচাপ দেখুওৱা হৈছে যদিও, অনুসন্ধানৰ পিচত প্ৰায় এহেজাৰ অধিক কাঠৰ টুকুৰা থকাৰ কথা পোহৰলৈ আহিছে ৷