ডিফু, ২৫ ছেপ্টেম্বৰ :আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা আৰক্ষীয়ে অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান ৷ এই অভিযান চলাই থকাৰ সময়তে শনিবাৰে নিশা কাৰ্বি আংলং জিলাৰ বৰপথাৰত আৰক্ষীয়ে এখন নৈশ বাছত চলায় অভিযান ৷ এই অভিযানত অভিযানকাৰী আৰক্ষীয়ে বুজন পৰিমাণৰ হেৰʼইনসহ এগৰাকী মহিলা সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় ।
প্ৰাপ্ত তথ্য অনুসৰি, প্ৰতিদিনাৰ দৰে শনিবাৰে নিশা জিলাখনৰ বৰপথাৰ থানাৰ অন্তৰ্গত খকৰাজানত আৰক্ষীয়ে চলাই আছিল নিয়মীয়া তালাচী ৷ এই নিয়মীয়া তালাচীৰ সময়তে ডিমাপুৰৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকা এখন নৈশ বাছত আৰক্ষীয়ে অভিয়ান চলায় ৷ এই অভিযানতে খকৰাজানত আৰক্ষীয়ে AS ০১ GC ৭৭৫৪ নম্বৰৰ নৈশ বাছখনৰ এগৰাকী মহিলা যাত্ৰীৰ জিম্মাৰ পৰা ১৪ টা চাবোনৰ বাকচত ১৭৬.৭১ গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয় ।
আৰক্ষীৰ ফালৰ পৰা জানিব পৰা মতে, সৰবৰাহকাৰী মহিলাগৰাকী নাগালেণ্ডৰ ডিমাপুৰৰ নিয়ামজুন মুনিয়েক (২৭) বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীয়ে মহিলাগৰাকীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে । ইফালে জব্দ হোৱা হেৰʼইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য কমেও প্ৰায় পোন্ধৰ লাখ টকা হ’ব বুলি অনুমান কৰিছে আৰক্ষীয়ে ।