ডিফু, ৫ জুন: বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুতো শুকুৰবাৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় ৷ চহৰ খনৰ চৰকাৰী,বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে স্কুল,কলেজ,আৱাস গৃহ আদিতো গছপুলি ৰোপণ কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰে ৷ এই উদ্দেশ্য পুৱা কাৰ্বি আংলং বন বিভাগৰ পশ্চিম সংমণ্ডলৰ উদ্যোগত ডিফু মাটিপুং পথৰ আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰৰ পথৰ কাষত এক বৃক্ষ ৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য ৰোপক হিচাপে আনুষ্ঠানিক ভাৱে এজোপা বৃক্ষ ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷
১০ লাখ গছপুলি ৰোপণেৰে ডিফুত বিশ্ব পৰিৱেশ দিৱস উদযাপন - Assam
কাৰবি আংলং বন বিভাগৰ পশ্চিম সংমণ্ডলৰ উদ্যোগত ডিফু মাটিপুং পথৰ আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰৰ পথৰ কাষত এক বৃক্ষ ৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য ৰোপক হিচাপে আনুষ্ঠানিকভাৱে এজোপা বৃক্ষ ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷

মুখ্য কাৰ্যবাহী সদস্যৰ লগতে সাংসদ হৰেণছিং বে',কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ফৰেষ্ট ব'ৰ্ড চেয়াৰেমেন তথা এমএচি কিচাৰ্ড টকবী,প্ৰাক্তন বিধায়ক বিদ্যাছিং ইংলেং,বোকাজানৰ বিধায়ক ডা: নোমল ম'মিনৰ লগতে কেইবাগৰাকী ইএম আৰু এমএচি,বনবিভাগৰ মুখ্য বন সংৰক্ষক অভিজিত ৰাভাইয়ো এজোপাকৈ বৃক্ষ ৰোপণ কৰে ৷
আনহাতে, সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিশ্ব পৰিৱেশ দিৱসৰ পৱিত্ৰ ক্ষণত কাৰবি আংলং জিলাক সেউজ কাৰ্বি আংলং হিচাপে গঢ়ি তোলাৰ বাবে সংকল্প লোৱাৰ আহ্বান জনায় ৷ লগতে পৰিষদৰ এইবাৰৰ একছন প্লেনত ১০ লাখ বৃক্ষৰ পুলি বিতৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জনায় ৷ এই পুলি প্ৰতিখন গাঁৱৰ চুবুৰীয়ে চুবুৰীয়ে বিতৰণ কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি জনায় ৷কাৰবি আংলঙৰ পৰিৱেশ সতেজ কৰি ৰাখিবলৈ বৃক্ষৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বহু প্ৰয়োজন বুলি মন্তব্য কৰে ৷