অসম

assam

ETV Bharat / state

বোকাজানত বনৰীয়া হাতীৰ তাণ্ডৱঃ পাঁচটাকৈ ঘৰ লণ্ড-ভণ্ড - forest department

সমগ্ৰ বোকাজান অঞ্চলত যোৱা কেইটামান দিন ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱে স্থানীয় লোকসকলৰ নিদ্ৰা হৰণ কৰি আহিছে । পাঁচটাকৈ বনৰীয়া হাতীৰ এই জাকটোৱে বোকাজান বন সংমণ্ডলৰ অন্তৰ্গত তথা বোকাজান আৰু বৰজান পৰিষদীয় সমষ্টিৰ অধীনস্থ এক বৃহৎ অঞ্চলত চলাই গৈছে উপদ্ৰৱ ।

বোকাজানত বনৰীয়া হাতীৰ তাণ্ডৱ

By

Published : Jun 19, 2020, 10:16 PM IST

ডিফু,১৯ জুন : সমগ্ৰ বোকাজান অঞ্চলত যোৱা কেইটামান দিন ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱে স্থানীয় লোকসকলৰ নিদ্ৰা হৰণ কৰি আহিছে । পাঁচটাকৈ বনৰীয়া হাতীৰ এই জাকটোৱে বোকাজান বন সংমণ্ডলৰ অন্তৰ্গত তথা বোকাজান আৰু বৰজান পৰিষদীয় সমষ্টিৰ অধীনস্থ মাটিপুল,গুৰুংমাটি,ঘৰিয়ালডুবি,ফুলবাৰী, হাতীগড়,ফিচাৰীপাৰ আদি অঞ্চলত আৱাসগৃহ,দোকানঘৰ আদি ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে বাৰীৰ উৎপাদিত ফচল খাই তহিলং কৰিছে। নিশাৰ ভাগত জনাঞ্চললৈ ওলাই আহি তাণ্ডৱ সৃষ্টি কৰা হাতীৰ জাকটোৰ এনে উপদ্ৰৱৰ বাবে অঞ্চলবাসী ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।

বোকাজানত বনৰীয়া হাতীৰ তাণ্ডৱ
বোকাজানত বনৰীয়া হাতীৰ তাণ্ডৱ

শুকুৰবাৰে পুৱতি নিশাও হাতীৰ জাকটোৱে তাণ্ডৱ চলাই ঘৰিয়ালডুবি অঞ্চলৰ পাঁচটাকৈ আৱাসগৃহ ভাঙি চুৰমাৰ কৰে । হাতীৰ জাকটোৱে মহতিয়াই নিলে ঘৰিয়ালডুবিৰ ননী দেৱনাথ, শংকৰ দাস, বিষু চক্ৰৱৰ্তী আৰু ৰবীন্দ্ৰ মাহাতোৰ আৱাসগৃহ সমূহ । অৱশ্যে হাতীৰ জাকটোৰ আক্ৰমণত কোনো লোক হতাহত হোৱা নায়। ইফালে,জনাঞ্চলত তাণ্ডৱ চলাই সন্ত্ৰাসৰ সৃষ্টি কৰা হাতীৰ জাকটোক খেদি পঠিওৱাত ব্যৰ্থ হোৱা বন বিভাগৰ প্ৰতিও অসন্তুষ্টি ব্যক্ত কৰিছে ভূক্তভোগী ৰাইজে ।

বোকাজানত বনৰীয়া হাতীৰ তাণ্ডৱ

লগতে চাওকঃ প্ৰসংগ ভাৰত-চীনঃ মেজৰ জেনেৰেল আৰু ডিভিজনেল কমাণ্ডাৰ পৰ্যায়ৰ বিষয়াৰ বৈঠক

ABOUT THE AUTHOR

...view details