অসম

assam

ETV Bharat / state

বোকাজানৰ ডিলাইত বনৰীয়া হাতীৰ তাণ্ডৱ - কাৰ্বি পাহাৰ

বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা কথামপি প্ৰাণ ৰক্ষা পৰে যাত্ৰীসহ অ'ট চালকৰ ৷ উল্লেখযোগ্য যে, সেউজ কাৰ্বি পাহাৰৰ বনাঞ্চলসমূহ ধ্বংস কৰাৰ ফলত খাদ্যৰ সন্ধানত ওলাই আহে জাকে জাকে বনৰীয়া হাতী। বনাঞ্চলৰ পৰা জনাঞ্চল লৈ ওলাই অহা বনৰীয়া হাতীৰ জাকে মানুহৰ ঘৰ-দুৱাৰ ভাঙি পেলোৱাৰ লগতে বহু কৃষি ভূমি অনিষ্ট কৰি আহিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে বহু হাৰাশাস্তি ভুুগিবলগীয়া হয় বুলি অভিযোগ উত্থাপন হৈছে ৷

Wild elephant attacking in Bokajan Delay
বোকাজানৰ ডিলাইত বনৰীয়া হাতীৰ তাণ্ডৱ

By

Published : Aug 21, 2020, 6:14 PM IST

ডিফু, 21আগষ্টঃ ৰাজ্যত অব্যাহত আছে বনৰীয়া হাতী আৰু মানুহৰ তীব্ৰ সংঘাত ৷ আজি বোকাজানৰ ডিলাইত বনৰীয়া হাতীয়ে 3৬ নং ৰাষ্ট্ৰীয় ঘাইপথত চকুৰ পচাৰতে ভাঙি লণ্ড-ভণ্ড কৰিলে NL 07F 6180 নম্বৰৰ এখন অট'ৰিক্সা ৷ ইফালে বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা কথামপি প্ৰাণ ৰক্ষা পৰে যাত্ৰীসহ অ'ট চালক ৷ উল্লেখযোগ্য যে, সেউজ কাৰ্বি পাহাৰৰ বনাঞ্চলসমূহ ধ্বংস কৰাৰ ফলত খাদ্যৰ সন্ধানত ওলাই আহে জাকে জাকে বনৰীয়া হাতী। বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ জাকে মানুহৰ ঘৰ-দুৱাৰ ভাঙি পেলোৱাৰ লগতে, বহু কৃষি ভূমি অনিষ্ট কৰি আহিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত বহু হাৰাশাস্তি ভুগিব লগা হয় স্থানীয় ৰাইজে ৷

বোকাজানৰ ডিলাইত বনৰীয়া হাতীৰ তাণ্ডৱ

ইতিমধ্যে কাৰ্বি আংলং জিলাৰ বোকাজানত বনৰীয়া হাতীৰ আক্ৰমণত বহু লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে। কিন্তু এইক্ষেত্ৰত বন বিভাগে সম্পূৰ্ণ নিৰ্বিকাৰ ভূমিকা পালন কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ইয়াৰ উপৰি স্থানীয় ৰাইজৰ অভিযোগ, ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথটো অতি শোচনীয় হোৱা বাবে বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে ৷ ৰাষ্ট্ৰীয় ঘাইপথটোৰ জৰাজীৰ্ণ ৰূপে বছৰ বছৰ ধৰি জ্বলা-কলা খোৱাই আহিছে সাধাৰণ ৰাইজক ৷ কিন্তু কাণসাৰ নাই কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ বিভাগীয় কৰ্তৃপক্ষৰ ৷ ৰাইজৰ এই অভিযোগৰ পিছত পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়কঃসামাজিক মাধ্যমত আলফাৰ প্ৰচাৰ কৰি আটক যুৱক

ABOUT THE AUTHOR

...view details