ডিফু, 25 জানুৱাৰীঃ শনিবাৰে গৃহ জিলা কাৰ্বি আংলঙত উষ্ম আদৰণি জনোৱা হয় ৰাষ্ট্ৰীয় দৰবাৰত অসম তথা পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সুনাম কঢ়িয়াই অনা স্বৰ্ণ কন্যা পূজা বসুমতাৰীক ৷ গুৱাহাটীত অনুষ্ঠিত হোৱা খেল’ ইণ্ডিয়া তৃতীয় সংস্কৰণত অসমৰ হৈ প্ৰথমটো স্বৰ্ণ পদক আঁজুৰি আনিবলৈ সক্ষম হোৱা আন্তঃৰাষ্ট্ৰীয় জুড’ খেলুৱৈ, অসম গৌৰৱ গ'ল্ডেন গাৰ্ল পূজা বসুমতাৰী শনিবাৰে উপস্থিত হয় গৃহভূমি লাংহিনত । ফলত স্বাভাৱিকতে লাংহিনত সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশ ।
গৃহ জিলাত উপস্থিত স্বৰ্ণ কন্যা পূজা বসুমতাৰী - স্ব-গৃহত উষ্ম আদৰণি পূজা বসুমতাৰী
খেল' ইণ্ডিয়াত অসমৰ হৈ প্ৰথমটো স্বৰ্ণ পদক আঁজুৰি আনিবলৈ সক্ষম হোৱা আন্তঃৰাষ্ট্ৰীয় জুড’ খেলুৱৈ অসম গৌৰৱ গল্ডেন গাৰ্ল "পূজা বসুমতাৰী" স্ব-গৃহত উষ্ম আদৰণি ৷
![গৃহ জিলাত উপস্থিত স্বৰ্ণ কন্যা পূজা বসুমতাৰী স্ব-গৃহত উষ্ম আদৰণি পূজা বসুমতাৰীক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5841582-755-5841582-1579970828399.jpg)
স্ব-গৃহত উষ্ম আদৰণি পূজা বসুমতাৰীক
খেলুৱৈগৰাকীৰ উপস্থিত বিভিন্ন দল-সংগঠনে লাংহিনৰ ৰাজপথত বাহিৰ কৰে এক বৰ্ণিল শোভাযাত্ৰা ৷ লাংহিন ক্ৰীড়া সন্থাৰ উদ্যোগত গৰৈমাৰী খেলপথাৰত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত বড়ো পৰম্পৰাগত সাজপাৰৰ দেখা পোৱা যায় খেলুৱৈগৰাকীক ৷ স্বৰ্ণ লাভৰ পিছতে গৃহ ভূমিত উপস্থিত হৈ উৎফুল্লিত পূজাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি, লাংহিন তথা কাৰ্বি আংলঙত এতিয়াও খেলুৱৈৰ বাবে অনুকূল পৰিৱেশ নাই তাৰ মাজতো দৃঢ়তা থাকিলে জয় নিশ্চিত, ভৱিষ্যতে কঠোৰ পৰিশ্ৰম কৰি যাব বুলিও উল্লেখ কৰে ।
স্ব-গৃহত উষ্ম আদৰণি পূজা বসুমতাৰীক