অসম

assam

By

Published : Oct 2, 2021, 2:22 PM IST

ETV Bharat / state

ডিফুত জিলা ন্যায় সেৱা প্ৰাধিকৰণৰ উদ্যোগত ৱাকাথন

অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি শুকুৰবাৰে কাৰ্বি আংলঙৰ ডিফুত আয়োজন কৰা হ'ল ৱাকাথন । জিলা ন্যায় সেৱা প্ৰাধিকৰণৰ উদ্যোগত ৱাকাথনৰ আয়োজন কৰা হয় । শৰীৰচৰ্চাৰ উপৰিও আইনী সাহায্য আৰু আইনী সেৱা সম্পৰ্কে ৰাইজক সজাগ কৰাৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰে জিলা ন্যায় সেৱা প্ৰাধিকৰণে ।

WALKATHON in Diphu arranged by DLSA
ডিফুত জিলা ন্যায় সেৱা প্ৰাধিকৰণৰ উদ্যোগত ৱাকাথন

ডিফু, ২ অক্টোবৰ: ভাৰতে স্বাধীনতাৰ লাভ কৰাৰ ৭৫ বছৰৰ হোৱাৰ বাবে এইবাৰ দেশজুৰি উদযাপন কৰা হৈছে অমৃত মহোৎসৱ । এই অমৃত মহোৎসৱৰ লগত সংগতি ৰাজ্যই ৰাজ্যই বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । কাৰ্বি আংলঙৰ ডিফুতো শুকুৰবাৰে অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি এক সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয় । জিলা ন্যায় সেৱা প্ৰাধিকৰণৰ উদ্যোগত ডিফু চহৰত পদযাত্ৰা উলিওৱা হয় ।

ডিফুত জিলা ন্যায় সেৱা প্ৰাধিকৰণৰ উদ্যোগত ৱাকাথন

শৰীৰচৰ্চাৰ উপৰিও আইনী সাহায্য আৰু আইনী সেৱা সম্পৰ্কে ৰাইজক সজাগ কৰাৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰে জিলা ন্যায় সেৱা প্ৰাধিকৰণে । ডিফুৰ ন্যায়িক আদালত চৌহদত পদযাত্ৰাৰ শুভাৰম্ভণি কৰে জিলা আৰু সত্ৰ ন্যায়াধীশ মহম্মদ আব্দুল হেকিমে ৷ ডিফু নগৰৰ মাজেৰে কৰা ৫ কিঃমিঃৰ এই পদযাত্ৰাৰ কাৰ্যসূচীত জিলা ন্যায় সেৱা প্ৰাধিকৰণৰ সচিব নাগিব আহমেদ, মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰণিতা মৰাং, ন্যায়াধীশ এম এইছ আনচাৰী, ডিফু বাৰ এছ'চিয়েছনৰ অধিবক্তাসকলকে ধৰি ভালে সংখ্যক বিশিষ্ট লোকে অংশ গ্ৰহণ কৰে ৷

পদযাত্ৰাৰ লগে লগে আইনী সাহায্য আৰু আইনী সেৱা সম্পৰ্কীয় প্ৰচাৰ পত্ৰিকা বিতৰণ কৰি সাধাৰণ ৰাইজৰ মাজত এই সম্পৰ্কে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয় ৷ জিলা আইন সেৱা প্ৰাধিকৰণৰ এনে কাৰ্যসূচীৰ শলাগ লৈছে স্থানীয় সচেতন ৰাইজে ।

লগতে পঢ়ক: এতিয়াৰে পৰা ডিব্ৰুগড়তে দেখিবলৈ পাব আইফেল টাৱাৰ !

ABOUT THE AUTHOR

...view details