ডিফু,1 এপ্ৰিল:ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ 17 নং বোকাজান, 18 নং হাওৰাঘাট, 9 নং ডিফু (জনজাতীয়) বিধানসভা সমষ্টিত বৃহস্পতিবাৰে পুৱা 6 বজাৰ পৰা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয় ৷ সমগ্ৰ ভোটদান প্ৰক্ৰিয়াত সমষ্টিকেইটাত ভোটাৰ ৰাইজে জিলা প্ৰশাসনৰ নিৰ্দেশমৰ্মে ক'ভিড প্ৰট'কল মানি চলাৰ লগতে শাৰী পাতি শৃংখলাৱদ্ধভাৱে ভোটদান প্ৰক্ৰিয়াত অংশ লোৱা পৰিলক্ষিত হয় ৷
জিলাখনৰ ডিফু চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 160 নং ভোট কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি 19 নং ডিফু বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিদ্যাচিং ইংলেঙে মন্তব্য কৰে যে, বিজেপিৰ উন্নয়নমূলক কাম-কাজত উপকৃত হৈ বিজেপিৰ হৈ ভোট দিবলৈ ৰাইজ হিলদল ভাঙি ওলাই আহিছে ৷ তেওঁ কয় যে, ৰাইজে যি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে ৷ তাৰ পৰাই বুজা যায় যে, এইবাৰ নিৰ্বাচনী বৈতৰণী তেওঁ ডিষ্টিংশ্যন লৈ পাৰ কৰিব ৷