ডিফু, 23 অক্টোবৰ: কাৰ্বি আংলং জিলাৰ বোকাজানত বৃহস্পতিবাৰে বিয়লি সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ এখন ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি থকাৰ সময়তে আকস্মিক ভাৱে মৃত্যু ঘটে এগৰাকী খেলুৱৈৰ ৷ এই ঘটনাই অঞ্চলজুৰি পেলাইছে শোকৰ ছাঁ ৷ জানিব পৰা মতে বোকাজান মহকুমাৰ জপৰাজানৰ আলোকসন্ধানী যুৱ সংঘৰ সৌজন্যত 21,22 আৰু 23 অক্টোবৰত জপৰাজান খেলপথাৰত এখনি ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল ৷ উক্ত প্ৰতিযোগিতাৰ অংশ হিচাপে বৃহস্পতিবাৰে বিয়লি মহকুমাটোৰ জপৰাজান আৰু সৰিয়হজান দলৰ মাজত খেল চলি থকা অৱস্থাতে জপৰাজান দলৰ জেকৰিয়া ইন্দ (40) নামৰ খেলুৱৈগৰাকী খেলপথাৰতে অকস্মাতে অসূস্থ হৈ পৰে ৷ প্ৰতিযোগিতাখনিত স্বাভাৱিক খেল প্ৰদর্শন কৰি থকাৰ মাজতে অকস্মাতে অসুস্থ হৈ পৰা খেলুৱৈ গৰাকীয়ে কেইপাকমান ঘূৰি ঠাইতে ঢলি পৰাৰ পিছতে উক্ত স্থানতে মৃত্যুক সাৱটি লয় ৷
ভলীবল প্ৰতিযোগিতাত অঘটনঃ খেলৰ মাজতে খেলুৱৈৰ আকস্মিক মৃত্যু - Volly ball player died during the match at Bokajan
প্ৰতিযোগিতাখনিত স্বাভাৱিক খেল প্ৰদর্শন কৰি থকাৰ মাজতে অকস্মাতে অসুস্থ হৈ পৰা খেলুৱৈগৰাকীয়ে কেইপাকমান ঘূৰি ঠাইতে ঢলি পৰাৰ পিছতে উক্ত স্থানতে মৃত্যুক সাৱটি লয় ৷ খেলুৱৈগৰাকীৰ এনে আকস্মিক মুত্যৰ ঘটনাত প্ৰতিযোগিতা স্থলীত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷
![ভলীবল প্ৰতিযোগিতাত অঘটনঃ খেলৰ মাজতে খেলুৱৈৰ আকস্মিক মৃত্যু Volly ball player died during the match at Bokajan](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9289014-120-9289014-1603465616553.jpg)
খেলুৱৈগৰাকীৰ এনে আকস্মিক মুত্যৰ ঘটনাত প্ৰতিযোগিতাস্থলীত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ খেলুৱৈগৰাকীয়ে খেল প্ৰদর্শন কৰি থকা অৱস্থাতে অকস্মাৎ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে ৷ এই ঘটনা বিয়পি পৰাৰ লগে লগে খেলুৱৈ গৰাকীৰ বাসগৃহত উপস্থিত হৈ মৃতদেহত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে পৰিয়ালটোক সামান্য অর্থ সাহায্যও প্ৰদান কৰে বোকাজানৰ বিধায়ক ডাঃ নোমল মমিনে ৷ পৰৱৰ্তী সময়ত খেলুৱৈ গৰাকীক সকলো ধৰণৰ সহায় আগবঢ়োৱা হ'ব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়ক গৰাকীয়ে ৷ মৃত্যুৰ সময়ত খেলুৱৈ গৰাকীয়ে পত্নীৰ লগতে এটি পুত্ৰ সন্তান এৰি থৈ গৈছে ৷
লগতে পঢ়কঃমিৰ্জাত অনুষ্টুপীয়াকৈ আয়োজন দুৰ্গা পূজা