ডিফু, 2 মে':সমাগত লোকসভা নিৰ্বাচন ৷ বিজেপিত খহনীয়া ৷মঙলবাৰে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা হাওৰাঘাট সমষ্টিৰ প্ৰাক্তন বিধায়ক জয়ৰাম ইংলেঙে পদত্যাগ পত্ৰ দাখিল কৰে ( BJP Leader Joyram Engleng resigned from BJP)৷ পদত্যাগ পত্ৰখনত উল্লেখ কৰে যে, বিজেপিৰ ৰাজ্যিক কমিটীৰ লগতে সাধাৰণ সদস্য পদৰ পৰাও মই পদত্যাগ কৰিছো ৷ বৰ্তমান দলটোত চলি থকা জাতিবাদৰ ৰাজনীতিৰ বাবে মই এই সিদ্ধান্ত গ্ৰহণ কৰিছো ৷ ৰাষ্ট্ৰীয় একতা, শান্তি আৰু উন্নয়ণৰ কাৰণে মই বিজেপি দলৰ পৰা অব্যাহতি লৈছো (Veteran BJP Leader Joyram Engleng) ৷
জয়ৰাম ইংলেং কংগ্ৰেছ শাসনৰ সময়ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আছিল । কিন্তু তেওঁ তেতিয়াৰ মন্ত্ৰী খৰছিং ইংতিৰ ৰোষত পৰি ২০১৩ চনত গাদী হেৰুৱাইছিল। মুখ্য কাৰ্যবাহী হৈছিল তুলিৰাম ৰংহাং (Chief Executive Tuliram Ronghang)। ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ আগে আগে তেওঁ বিজেপি দলত যোগদান কৰি হাওৰাঘাটৰ পৰা বিধায়ক হয় । কিন্তু ২০২১ চনৰ নিৰ্বাচনত বিজেপি দলে ইংলেঙক দলীয় প্ৰাৰ্থীত্ব নিদিয়ে ৷
ইয়াৰ পিচতে ইংলেঙে দলত্যাগ নকৰি বিজেপি দলতে আছিল যদিও দলত তেওঁ এলাগীৰ দৰে হৈ পৰিছিল । বিজেপি দলে তেওঁক কোনো সভা-সমিতিলৈও নামাতে । এই ব্যৱহাৰৰ আঁৰতো আছিল জয়ৰাম ইংলেং আৰু তুলিৰাম ৰংহাঙৰ ৰাজনৈতিক সম্পৰ্ক ৷ এই সন্দৰ্ভত ইংলেঙে ঘৃণা আৰু জাতিবাদৰ ৰাজনীতি বৰ বেছিকৈ হোৱাৰ বাবেই দল ত্যাগ কৰা বুলি কয় । বিজেপি দলে সংবিধানক সন্মান নকৰে বুলিও ঘনিষ্ঠ সকলক অৱগত কৰিছিল ইংলেঙে ।