ডিফু, ৯ জুন : কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লগতে পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ অস্ত্ৰবিৰতিত থকা কেইবাটাও উগ্ৰপন্থী সংগঠনৰ সৈতে সম্পাদন হ'বলগীয়া বহু চৰ্চিত শান্তিচুক্তি খনকলৈ কাৰ্বি আংলঙৰ বিভিন্ন দল-সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে আজি ডিফুস্থিত কেএছএ লামডিং ৰোডস্থিত কাৰ্যালয়ত কেইবাটাও সংগঠনে এক যুটীয়া সংবাদমেলৰ আয়োজন কৰি চুক্তি সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷
সংবাদমেলত কাৰ্বি ছাত্ৰ সন্থা,এইছএছডিচি, কেৱাইডব্লিউজেএফ, এছৱাচি, এছৱাইজে,ইউকেডব্লিউ আদি সংগঠনে জিলাখনত শান্তি স্থাপনৰ নামত ইটোৰ পিছত সিটো চুক্তি সম্পাদন হোৱাৰ কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰে ৷ এএছডিচি দলৰ সাধাৰণ সম্পাদক লাইচান ইংলেঙে সাংবাদিক সকলক সম্বোধন কৰি কয় যে, ১৯৯৫ চনৰ পৰাই জিলাখনত একাধিক চুক্তি স্বাক্ষৰিত হৈ আহিছে, কিন্তু আজিলৈকে বিধায়কেই উত্থাপন নহ'ল ৷ উল্লেখিত চুক্তি সমূহ ৰূপায়ণ হোৱাৰ পৰিৱৰ্তে কেৱল অৰ্থনৈতিক পেকেজ আগবঢ়াই আহিলেই জিলাখনত কোনো কাৰণতেই স্থায়ী শান্তি স্থাপন সম্ভৱপৰ নহয় বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷
আনহাতে, চৰকাৰে কেৱল হাতত অস্ত্ৰলোৱা সংগঠন সমূহৰ সৈতেহে চৰকাৰে আলোচনাত বহে; কিন্তু জিলাখনত আন্দোলন কৰি অহা সংগঠন সমূহৰ সৈতে আলোচনাত বহিবলৈ আগ্ৰহ প্ৰকাশ নকৰে বুলি আক্ষেপ প্ৰকাশ নকৰে ৷ আনহাতে সম্পাদন হবলগীয়া শান্তি চুক্তি সন্দৰ্ভত ৰাইজে কোনো বিষয়েই অৱগত নহয় বুলি মন্তব্য কৰি কেৱল সংবাদ মাধ্যমৰ জৰিয়তেহে কেতবোৰ তথ্য লাভ কৰাৰ সুযোগ লাভ কৰা বুলি লাইচান ইংলেঙে ৷