ডিফু, 17 ফেব্ৰুৱাৰী : বৃহস্পতিবাৰে দুই পাহাৰীয়া জিলা ক্ৰমে, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত পিৰামল ফাউণ্ডেছন (স্বাস্থ্য)ৰ উদ্যোগত মুঠ 6 খন বাহন মুকলি কৰা হয় (Piramal Foundation launched vehicles in Karbi Anglang) ৷ 2025 চনৰ ভিতৰত ভাৰতক যক্ষ্মাৰোগ মুক্ত দেশ হিচাপে গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় তৰকাৰৰ তৰফৰ পৰা লোৱা পদক্ষেপৰ অংশ হিচাপে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুলি স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াই জানিব দিয়ে ৷
লগতে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জানিবলৈ দিয়া অনুসৰি, মুকলি কৰি দিয়া বাহন সমূহে পৰৱৰ্তী দিন সমূহত জিলাখনৰ এশখন গাঁৱলৈ গৈ যক্ষ্মাৰোগত আক্ৰান্ত সকলৰ সবিশেষ তথ্য সংগ্ৰহ কৰিব (To collect TB patient data in Karbi Anglang) ৷ এই তথ্যৰ ওপৰত ভিত্তি কৰি যক্ষ্মাৰোগৰ বাবে পৰৱৰ্তী সময়ত পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি জানিব দিয়ে স্বাস্থ্য বিভাগে ৷