অসম

assam

ষষ্ঠ অনুসূচীক লৈ কাৰ্বিভূমিত আকৌ আৰম্ভ হৈছে বাদ-বিবাদ; ৰাজনৈতিক স্বাৰ্থত পৰিষদে অনুষ্ঠিত কৰিলে আলোচনাচক্ৰ

By

Published : Nov 19, 2021, 10:57 PM IST

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ(Karbi Anglong Autonomous Council)ৰ উদ্যোগত ষষ্ঠ অনুসূচী সম্পর্কত এখনি গুৰুত্বপূর্ণ আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয় যদিও আলোচনা চক্ৰখনক কেন্দ্ৰ কৰি পাহাৰীয়া জিলাখনত সৃষ্টি হোৱা বাদ-বিবাদ আজিও অব্যাহত আছে । শাসক-বিৰোধীৰ বাদ-বিবাদৰ মাজতে উচ্চস্তৰীয় আলোচনাচক্ৰ অনুষ্ঠিত কৰা হৈ যায় যদিও আজি আলোচনা চক্ৰৰ সন্দর্ভত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উক্ত আলোচনাচক্ৰত অংশগ্ৰহণৰ পৰা বিৰত থকা দল-সংগঠনসমূহে ।

VARIOUS ORGANAISTIONS OF KARBI ANGLONG REACTS ON THE SEMINER ON SIXTH SHEDULE
ষষ্ঠ অনুসূচীক লৈ কাৰ্বিভূমিত আকৌ আৰম্ভ হৈছে বাদ-বিবাদ

ডিফু, ১৯ নৱেম্বৰ : যোৱা ১৪ নৱেম্বৰত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ(Karbi Anglong Autonomous Council)ৰ উদ্যোগত ষষ্ঠ অনুসূচী সম্পর্কত এখনি গুৰুত্বপূর্ণ আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয় যদিও আলোচনাচক্ৰখনক কেন্দ্ৰ কৰি পাহাৰীয়া জিলাখনত সৃষ্টি হোৱা বাদ-বিবাদ আজিও অব্যাহত আছে । আলোচনাচক্ৰ অনুষ্ঠিত হোৱাৰ প্ৰাকক্ষণত বিভিন্ন ওজৰ-আপত্তি দর্শাই কেইবাটাও দল-সংগঠনে অংশগ্ৰহণ নকৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰাৰ বিপৰীতে শাসকীয় দলৰ তৰফৰ পৰাও এনে সিদ্ধান্তৰ বিৰুদ্ধে কঠোৰ সমালোচনাৰে সৰৱ হৈ পৰা দেখিবলৈ পোৱা গৈছিল ।

শাসক-বিৰোধীৰ বাদ-বিবাদৰ মাজতে উচ্চস্তৰীয় আলোচনাচক্ৰ অনুষ্ঠিত হৈ যায় যদিও শুকুৰবাৰে আলোচনাচক্ৰখনৰ সন্দর্ভত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উক্ত আলোচনাচক্ৰত অংশগ্ৰহণৰ পৰা বিৰত থকা দল-সংগঠনসমূহে । সংশ্লিষ্ট দল-সংগঠনসমূহে শুকুৰবাৰে ডিফুত এক যুটীয়া সংবাদমেলৰ আয়োজন কৰি উক্ত আলোচনাচক্ৰখন ৰাজনৈতিক স্বাৰ্থত অনুষ্ঠিত কৰা হয় বুলি দাবী কৰি আলোচনাচক্ৰখনৰ নামত সময়, শক্তি আৰু সম্পদৰ অপচয় হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৷

ষষ্ঠ অনুসূচীক লৈ কাৰ্বিভূমিত আকৌ আৰম্ভ হৈছে বাদ-বিবাদ

লগতে পঢ়ক:যষ্ঠ অনুসূচী সন্দর্ভত আয়োজিত এক আলোচনাচক্ৰক লৈ দুভাগত বিভক্ত কাৰ্বি আংলং

বৃহৎ অংকৰ ৰাজহুৱা ধন ব্যয় কৰি অনুষ্ঠিত কৰা আলোচনাচক্ৰখনৰ ফলাফল কি সেয়া ৰাজহুৱা কৰাৰ বাবেও দল-সংগঠনসমূহে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদক আহ্বান জনায় । উল্লেখ্য যে, কাৰ্বি শান্তি চুক্তিৰ ২.৩ নং অনুচ্ছেদৰ বিৰুদ্ধে জিলাখনত তীব্ৰ প্ৰতিবাদী কার্যসূচী অব্যাহত থকাৰ বিপৰীতে পৰিষদীয় চৰকাখনে দমনমুলক নীতিৰে এনে প্ৰতিবাদ বন্ধ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি দল-সংগঠনসমূহে অভিযোগ উত্থাপন কৰে ৷

অভিযোগ মতে, এনে প্ৰচেষ্টাত সমর্থন লাভৰ বাবে পৰিষদে উক্ত আলোচনাচক্ৰখন আয়োজন কৰিছিল যদিও আলোচনাচক্ৰৰ অন্যতম অতিথি তথা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজয় হাঞ্চেৰিয়াই পৰিষদৰ দহখন আসন মুকলিকৈ ৰখা সন্দর্ভত মন্তব্য প্ৰদানৰ পৰা বিৰত থকা বুলি সংবাদমেলত দাবী কৰে । এই সন্দৰ্ভত এএচডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে কয় যে, যোৱা 4 ছেপ্টেম্বৰত স্বাক্ষৰিত হোৱা কাৰ্বি শান্তি চুক্তিৰ সাংবিধানিক আৰু প্ৰশাসনীয় সাল-সলনিৰ বিৰোধিতা কৰি হৈছে ৷ লগতে জিলাখনৰ বিভিন্ন স্থানত ইয়াৰ বিৰুদ্ধে সজাগতা অভিযান চলাই অহা বুলিও মন্তব্য কৰে চন্দ্ৰকান্ত তেৰাঙে ।

লগতে পঢ়ক:ডিফুত দিনজোৰা কাৰ্যসূচীৰে ষষ্ঠ অনুসূচী সন্দর্ভত আলোচনাচক্ৰ

যোৱা ১৪ নৱেম্বৰত আয়োজন কৰা আলোচনাচক্ৰখনক এক ৰাজনৈতিক ষড়যন্ত্ৰৰ উমান পোৱাৰ বাবেই এই আলোচনা প্ৰত্যাখ্যান কৰা বুলি মন্তব্য প্ৰকাশ কৰে বিৰোধী পক্ষই । উক্ত আলোচনাচক্ৰত অংশগ্ৰহণ কৰা বক্তা সকলেও বিৰোধী দলসমূহৰ স্থিতিকে সমর্থন কৰা বুলি দাবী কৰি পৰিষদে আয়োজন কৰা উক্ত আলোচনাচক্ৰক বুমেৰাং বুলি অভিহিত কৰে এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে ।

লগতে এই আলোচনাচক্ৰক কেৱলমাত্ৰ এক ৰাজনৈতিক চমক বুলিহে দাবী কৰে বিৰোধী পক্ষই ৷ এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাং, এইচ টি এলৰ সভাপতি চাইছিং ৰংপি, এপিএইচএলচিৰ সভাপতি জে আই কাথা, খৰছিং টেৰণ, চিচিইউৰ উপ-সভাপতি ৰবীন্দ্ৰ ৰংপি, কে এন চি এৰ সভানেত্ৰী মেৰিনা বেপী, কাৰ্বি ছাত্ৰ সন্থা (জেমচন)ৰ সভাপতি জেমচন তিমুঙ, কাৰ্বি ছাত্ৰ সস্থা(চেমচন)ৰ সহকাৰী সাধাৰণ সম্পাদক অজয় ৰংহাং আৰু কে এ ৱাই এৰ সভাপতি জিতু পাটৰ স্বাক্ষৰিত এক সমূহীয়া বিবৃতিযোগে কাৰ্বি শান্তি চুক্তিৰ ২.৩ অনুচ্ছেদৰ বিৰোধিতাৰে আন্দোলনৰ কার্যসূচী অব্যাহত ৰখা হব বুলি ঘোষণা কৰিছে দল-সংগঠন সমূহে ।

লগতে পঢ়ক:ষষ্ঠ অনুসূচীক লৈ ডিফুত হ’ব লগীয়া ছেমিনাৰত অংশ নলয় একাংশ দল-সংগঠনে !

ABOUT THE AUTHOR

...view details