অসম

assam

ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত হাওৰাঘাটত উছুকাৰ প্ৰতিবাদ - অখিল গগৈ

উল্লেখ্য যে, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আৱদ্ধ হৈ থকা অখিল গগৈৰ লগতে কৃষক মুক্তিৰে দুই নেতা বিতু সোণোৱাল আৰু ধৈৰ্য কোঁৱৰ কোভিদ 19 ত আক্ৰান্ত হোৱাৰ পাছতে তিনি নেতাক লৈ অধিক উদ্বিগ্ন হৈ পৰিছে সকলো দল-সংগঠন ৷

Haoraghat
অখিল গগৈৰ মুক্তিৰ দাবীত হাওৰাঘাটত উছুকাৰ প্ৰতিবাদ

By

Published : Jul 9, 2020, 5:41 PM IST

ডিফু , ৯ জুলাইঃ দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত সমগ্ৰ অসমৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনসমূহে ৷ চৰকাৰৰ বিৰোধিতাৰে সৰৱ ভূমিকা পালন কৰি অহা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ মুক্তিৰ দাবীত হাওৰাঘাটত বৃহস্পতিবাৰে পুনৰ প্ৰতিবাদত বহিল কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উছুকা ৷

পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ অন্যতম ছাত্ৰ সংগঠন সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদৰ প্ৰায় ২০ জনীয়া সদস্যই কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত পুৱা 10 বজাৰ পৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কৃষক নেতাগৰাকীক শীঘ্ৰে মুক্তি দিয়ক, অখিল গগৈ জিন্দাবাদ, অখিল গগৈক উন্নত চিকিৎসা প্ৰদান কৰক আদি বিভিন্ন দাবী সম্বলিত প্লে-কাৰ্ড হাতে হাতে লৈ শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়কঃ কোভিড-১৯ ত আক্ৰান্ত অখিল গগৈ

ইয়াৰোপৰি, উছুকাৰ সভাপতি সম্পাদক ক্ৰমে বিবিচন টেৰণ আৰু জিণ্টু হাজৰিকাই প্ৰতিবাদস্থলীত শাসনাধিষ্ঠিত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি অখিল গগৈৰ লগতে কা বিৰোধী আন্দোলনত জড়িত সকলো কাৰাবন্দীক শীঘ্ৰে মোকলাই দিবলৈ ৰাজ্য চৰকাৰক দাবী জনাই। তাৰোপৰি কাৰাৰুদ্ধ নেতা কেইজনক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈও ৰাজ্য চৰকাৰক দাবী জনাই প্ৰতিবাদকাৰীসকলে।

উল্লেখ্য যে, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আৱদ্ধ হৈ থকা অখিল গগৈৰ লগতে কৃষক মুক্তিৰে দুই নেতা বিতু সোণোৱাল আৰু ধৈৰ্য কোঁৱৰ কোভিদ 19 ত আক্ৰান্ত হোৱাৰ পাছতে তিনি নেতাক লৈ অধিক উদ্বিগ্ন হৈ পৰিছে সকলো দল-সংগঠন ৷ বিতু সোণোৱাল আৰু ধৈৰ্য কোঁৱৰক চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে যদিও কাৰাগাৰতে আছে অখিল গগৈ ৷

ABOUT THE AUTHOR

...view details