ডিফু, ২৮ এপ্ৰিল: নগাঁৱৰ ৰহাত সংঘটিত হোৱা চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডক লৈ সমগ্ৰ ৰাজ্যজুৰি আজিও অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷ এই ঘটনা সংঘটিত কৰা দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক সাক্ষাৎ কৰে কাৰ্বি আংলং জিলাৰ ছাত্ৰ সংগঠন সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ সন্থা চমুকৈ উছুকাই । গুৱাহাটী মহানগৰীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ সৈতে চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত মত বিনিময় কৰাৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক এখনি স্মাৰকপত্ৰ প্ৰদান কৰে উছুকাই ।
চুমিলা হত্যাকাণ্ডক লৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক উছুকা’ৰ সাক্ষাৎ - আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত
আজিও অব্যাহত আছে চুমিলা হত্যাকাণ্ডৰ অপৰাধীক কঠোৰ শাস্তি প্ৰদানৰ দাবী । ৰহাৰ খাইগড়ত চুমিলা ৰংহাংপী নামৰ কিশোৰীগৰাকীৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত । চুমিলা হত্যাকাণ্ডৰ অপৰাধীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত আৰক্ষীৰ সঞ্চালক প্ৰধানক উছুকা’ৰ সাক্ষাৎ ।
![চুমিলা হত্যাকাণ্ডক লৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক উছুকা’ৰ সাক্ষাৎ চুমিলা হত্যাকাণ্ডক লৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক উছুকা’ৰ সাক্ষাৎ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11568120-233-11568120-1619606153541.jpg)
উছুকা’ৰ সভাপতি-সম্পাদক ক্ৰমে বিবিচন টেৰণ আৰু জিন্টু হাজৰিকা স্বাক্ষৰিত এক স্মাৰক পত্ৰযোগে সংগঠনটোৱে চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰাৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় । উল্লেখ্য যে, কাৰ্বি আংলং জিলাৰ নাবালিকা কিশোৰী চুমিলা ৰংহাংপীৰ মৰিগাঁও জিলাৰ ৰহাত অগ্নিদগ্ধ অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে কাৰ্বি আংলঙত ৷ ৰহাৰ প্ৰকাশ বৰঠাকুৰ নামৰ লোকজনৰ চৌহদত উদ্ধাৰ হৈছিল চুমিলা ৰংহাংপীৰ মৃতদেহ । এই ঘটনাই ক্ষোভৰ জোৱাৰ তুলিছে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ লগতে সমগ্ৰ অসমত ।
লগতে পঢ়ক: বিশ্বনাথত ভূমিকম্পত সা-সামগ্ৰী বিনষ্ট