অসম

assam

ETV Bharat / state

চাৰিলেনযুক্ত পথ নিৰ্মাণৰ ক্ষতিগ্ৰস্তক ক্ষতিপূৰণৰ দাবী - memorandum

কাৰ্বি আংলং জিলাৰ লোকসকলে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিলেনযুক্ত পথৰ ভূমি আৱণ্টনৰ সঠিক ক্ষতিপূৰণ নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে জিলাখনৰ ছাত্র সংগঠন সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উছুকা(USUKA)ই । ভূমি আৰু ৰাজহ বিভাগ( land and revenue department)ৰ একাংশ কর্মচাৰীৰ বিৰুদ্ধেও ক্ষতিপূৰণ লাভৰ ক্ষেত্ৰত বাধা সৃষ্টিৰ অভিযোগ ৷

usuka claims proper financial compensation for karbi anglong people who gave land for highway
ফ’ৰলেন হাইৱে নিৰ্মানৰ সময়ত ৰাইজে সঠিক ক্ষতিপূৰণ নোপোৱাৰ অভিযোগ উছুকাৰ

By

Published : Jul 10, 2021, 2:13 PM IST

ডিফু, 10 জুলাই : কাৰ্বি আংলং জিলাৰ মাজেৰে পাৰ হৈ গৈছে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ এই ঘাইপথৰ চাৰিলেনযুক্ত পথ(Fourlane road) ৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ কাম আৰম্ভ হৈছে ৷ যি সকল লোকক ভূমি আৱণ্টনৰ নামত ক্ষতিপূৰণ দিয়া হৈছে, সেইসকল লােকে সঠিক পৰিমাণে ক্ষতিপূৰণ লাভ নকৰাৰ গুৰুতৰ অভিযােগ উত্থাপন কৰিছে জিলাখনৰ ছাত্র সংগঠন সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উছুকা(USKA)ই ।

এই বিষয় সন্দৰ্ভত সংগঠনটোৱে শুকুৰবাৰে কাৰ্বি আংলং জিলাৰ উপায়ুক্ত(Deputy commissioner)ক এখনি স্মাৰকপত্র(memorandum) প্রদান কৰি বিষয়টো সন্দৰ্ভত ব্যৱস্থা গ্রহণৰ দাবী জনায় । উছুকাৰ সভাপতি-সম্পাদক ক্রমে বিবিচন টেৰণ আৰু জিণ্টু হাজৰিকা স্বাক্ষৰিত স্মাৰকপত্ৰত উল্লেখ কৰা অনুসৰি ডবকাৰ পৰা ডিমাপুৰলৈকে নির্মাণ হােৱা চাৰিলেনযুক্ত পথচোৱা নিৰ্মাণৰ নামত ইতিমধ্যে ভালেসংখ্যক লােকৰ ঘৰ, দোকান, গছ-গছনি আদি উচ্ছেদ কৰা হৈছে । ফুলনি ৰাজহ চক্ৰৰ অন্তৰ্গত পাৰখােৱা, ভেনগাঁও, ডকমকা, লাংহিন, ফুলনি চেণ্টাৰ, হাওৰাঘাট তিনিআলি, বকলীয়াঘাট আদি এলেকাৰ ভূমি অধিগ্রহণ হােৱা লােকসকলে আজিও ক্ষতিপূৰণ লাভ কৰা নাই বুলি সংগঠনটোৱে অভিযােগ কৰে ।

ইয়াৰ লগতে ভূমি আৰু ৰাজহ বিভাগ( land and revenue department)ৰ একাংশ কর্মচাৰীৰ সহযােগত একাংশ লােকে এইসকল লােকে ক্ষতিপূৰণ লাভৰ ক্ষেত্ৰত বাধাৰা সৃষ্টি কৰি অহা বুলি স্মাৰকপত্ৰযোগে এক গুৰুতৰ অভিযােগ উত্থাপন কৰা হয় । সংগঠনটোৱে এই লোকসকলক শীঘ্ৰে ক্ষতিপূৰণ প্ৰদানৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে স্মাৰক পত্রযােগে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় । সংগঠনটোৰ দাবী কিমান গুৰুত্ব সহকাৰে বিভাগীয় কৰ্তৃপক্ষই মানি লয় সেয়া সময়ে ক’ব ৷

লগতে পঢ়ক :আছুৰ ক’লা দিনত সাংগঠনিক শ্বহীদক শ্ৰদ্ধাঞ্জলি

ABOUT THE AUTHOR

...view details