ডিফু, ২০ জুন :ৰাজ্যত অব্যাহত আছে আংশিক লক ডাউন(Lockdown) । তাৰ মাজতে ৰাজ্যৰ চাৰিওফালে চলিছে আৰক্ষীৰ অভিযান । এনে পৰিস্থিতিৰ মাজতে অসম আৰক্ষীৰ এক বৃহৎ সফলতা । অসম আৰক্ষীৰ হাতত নিহত উগ্ৰপন্থী সংগঠনৰ দুই সদস্য । কাৰ্বি আংলং জিলাৰ কুকি উগ্ৰপন্থী সংগঠন ইউপিআৰএফৰ(UPRF) দুই সদস্য আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হয় ৷
সিংহাসন পাহাৰৰ জলেনত দেওবাৰে দুপৰীয়া এই সংঘৰ্ষ হৈছিল ৷ আৰক্ষীৰ ওচৰত থকা নিশ্চিত তথ্যৰ ভিত্তিত দেওবাৰে আৰক্ষীয়ে এই অভিযান চলাইছিল ৷ উল্লেখ্য যে, ২০২০ চনৰ ছেপ্তেম্বৰ মাহত সংগঠনটোৰ সেনাধ্যক্ষ মাৰ্টিন কুকিয়ে বোকাজান থানাৰ অন্তৰ্গত তকৌলাংচ’ৰ বনভোজস্থলীলৈ আহি বনভোজ খাবলৈ অহা লোকৰ লগত ছেল্ফি উঠি চৰ্চালৈ আহিছিল আৰু তাৰ পিছতে আৰক্ষীৰ লগত হোৱা সংঘৰ্ষত তেওঁৰ মৃত্যু হৈছিল ৷
ইয়াৰ পিছতে ২০২০ চনৰ ২১ ডিচেম্বৰত সংগঠনটোৰ সকলো সদস্য আত্মসমৰ্পণৰ বাবে আহিছিল ৷ কিন্তু তাৰ কেইদিনমান পিছতে বীৰাপ্পান আৰু অৰ্জুনৰ নেতৃত্বত ৬ গৰাকী সদস্য পুনৰ অস্ত্ৰসহ অৰণ্যলৈ উভতি যায় ৷ ইয়াৰে অৰ্জুন অলপতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু সম্প্ৰতি জেলত আছে । আনহাতে বীৰাপ্পানে নতুন সদস্য ভৰ্তি কৰি সংগঠন চলাই আছিল ৷ সেই সকলৰে দুগৰাকী সদস্যৰ আৰক্ষীৰ লগত হোৱা সংঘৰ্ষত দেওবাৰে মৃত্যু হয় ৷