ডিফু, ২৩ জানুৱাৰী: আগন্তুক ৭২ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ তিনিটা দিন বাকী থকা সময়তে কূটাঘাটমূলক কাৰ্যকলাপ সংঘটিত কৰাৰ উদ্দেশ্যে ৰাজ্য়ৰ সীমামূৰীয়া অঞ্চলসমূহত উগ্ৰপন্থী সংগঠনসমূহৰ তৎপৰতা বৃদ্ধি পোৱাৰ সময়তে কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতা । শুকুৰবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি কাৰ্বি আংলং জিলা আৰক্ষীৰ অভিযানত আটক ইউ পি আৰ এফৰ তিনি দুধৰ্ষ কেডাৰ ।
ধৃত কেডাৰ তিনিজন ক্ৰমে অৰ্জুন কুকি ওৰফে পাউটিংকল চিংচন (২৮), ছেইমিলাল কুকি (২৫) আৰু পাউলুন উছ (২৪) । ধৃত কেডাৰ তিনিজনৰ পৰা আৰক্ষীয়ে এটা ৩২ এম এম পিষ্টল, দুইজাঁই সজীৱ গুলী, মেগজিন, ৩ টা মোবাইল ফোন আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰে ।