ডিফু, 2 ফেব্ৰুৱাৰী :এসময়ত সন্ত্ৰাসবাদে পিছ নেৰা এখন জিলা কাৰ্বি আংলং । ক্ৰমাৎ শান্ত হৈছে সন্ত্ৰাসজৰ্জৰ কাৰ্বি আংলং ৷ এসময়ত কাৰ্বি জনগোষ্ঠীৰ উন্নয়নৰ বাবে পাহাৰীয়া জিলাখনৰ বহু যুৱকে বাছি লৈছিল সশস্ত্ৰ সংগ্ৰামৰ পথ । এতিয়া বৰ্তমান প্ৰায়বোৰ উগ্ৰপন্থী সংগঠনে মূল সুঁতিলৈ ঘূৰি অহা পৰিলক্ষিত হৈছে আৰু যাৰফলত পাহাৰীয়া জিলাখন পুনৰ শান্ত হৈ পৰিছে ৷
তাৰে মাজৰে 8 বছৰ পূৰ্বে গঠন হোৱা উগ্ৰপন্থী সংগঠন UPLA (United peoples liberation army) য়ে যুদ্ধ বিৰতি গোটে মঙলবাৰে প্রতিষ্ঠা দিৱস কাৰ্যসূচী পালন কৰে । প্ৰতিষ্ঠা দিৱস উপলক্ষে বোকাজানৰ বালিপথাৰতস্থিত UPLA ৰ অস্থায়ী শিবিৰত প্ৰতিষ্ঠা দিৱস উদযাপন কৰে সংগঠনটোৱে ৷ প্ৰতিষ্ঠা দিৱস উপলক্ষে অস্থায়ী শিবিৰত পুৱাই পতাকা উত্তোলন কৰে UPLA ৰ অধ্যক্ষ চৰ্জন ল-এহ য়ে আৰু শ্বহীদ তৰ্পন কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক সংকীম এঞ্জাই আৰু উপাধ্যক্ষ ৰকম টেৰাঙে ।