অসম

assam

ETV Bharat / state

ডিফুত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ডিফুত উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ ৷ চহৰখনৰ সমীপৰ গান্ধী উদ্যানৰ সমীপৰ এখন অভাৰব্ৰীজৰ তলত মৃতদেহটো উদ্ধাৰ হয় ৷

By

Published : Nov 21, 2020, 7:44 PM IST

unknown deadbody recovered diphu assam etv bharat news
অচিনাক্ত মৃতদেহ উদ্ধাৰ

ডিফু,21 নৱেম্বৰ: শনিবাৰে দুপৰীয়া কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি, চহৰখনৰ সমীপৰ গান্ধী উদ্যানৰ সমীপৰ এখন অভাৰব্ৰীজৰ তলত মৃতদেহটো উদ্ধাৰ হয় ৷ মৃতদেহটো পৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে খবৰ দিয়ে ডিফু নগৰ আৰক্ষী চকীত ৷ আৰক্ষীয়ে এই খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷

উদ্ধাৰ হোৱা মৃতদেহটো এগৰাকী ৬০ উৰ্ধৰ লোকৰ বুলি জানিব পৰা গৈছে ৷ মৃতদেহটোৰ পৰিচয় এতিয়াও লাভ কৰা নাই আৰক্ষীয়ে ৷ আৰক্ষীয়ে ডিফু থানাত নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷ হাস্পতালখনৰ মৰ্গত ৭২ ঘণ্টাৰ বাবে সংৰক্ষণ কৰা হ’ব মৃতদেহটো ৷

লগতে চাওকঃপ্ৰাক্তন মুখ্য়মন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱনতি

ABOUT THE AUTHOR

...view details