অসম

assam

ETV Bharat / state

ৰাজপথত অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ 'বজ্ৰকল্প' কাৰ্যসূচী

কেবৰ সন্দৰ্ভত চৰকাৰৰ সিদ্ধান্ত সলনি নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ডিফু বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ ৷

By

Published : Dec 9, 2019, 11:59 PM IST

University students prottest against CAB
ৰাজপথত ডিফু বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ 'বজ্ৰকল্প' কাৰ্যসূচী

ডিফু, ৯ ডিচেম্বৰ : জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সোমবাৰে ডিফুৰ ৰাজপথত 'বজ্ৰকল্প' কাৰ্যসূচী আৰু সমদল উলিয়াই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে ৷ 'হেৰ' অসমীয়া তই কৰিব লাগিব অগ্নিস্নান, শ্বহীদৰ তেজেৰে অগ্নিস্নান কৰি ৰাখিব লাগিব আই অসমীৰ মান' শীৰ্ষক বিদ্ৰোহী কবিতাৰ ছন্দ আওৰাই প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড বেনাৰ, ফেষ্টুন আদি লৈ সৰ্বা, হিমন্ত, কেশৱ, অতুল কুলাঙ্গাৰ, বাংলাদেশী গ' বেক, বিজেপি মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী হায় হায়, কেব আমি নামানো আদি প্ৰতিবাদী শ্ল'গানেৰে কঁপাই তোলে ডিফুৰ আকাশ বতাহ ৷

ৰাজপথত ডিফু বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ 'বজ্ৰকল্প' কাৰ্যসূচী

প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সমাজে মুখ্যমন্ত্ৰীয়ে ছাত্ৰ সমাজক আন্দোলনমুখী নহৈ কৰ্ম সংস্কৃতিৰ প্ৰতি আকৃষ্ট হ'বলৈ দিয়া পৰামৰ্শ কেবৰ সিদ্ধান্ত বাতিল অবিহনে অমূলক বুলি ক্ষোভেৰে উল্লেখ কৰে ৷ লগতে বিদেশী সংস্থাপনৰ ফলত কৃষিভিত্তিত বিশ্বাসী অসমৰ মাটিকালি হ্ৰাস পোৱাৰ ফলত কৰ্ম সংস্কৃতি হেৰাই যাব বুলি প্ৰতিবাদকাৰীসকলে দাবী কৰে ৷ ইয়াৰ লগতে প্ৰতিবাদকাৰীসকলে অসমখন কাৰো পৈতৃক সম্পত্তি নহয় বুলি উল্লেখ কৰি কয় যে কোনোৱেই অসমৰ হিতৰ বিপৰীতে সিদ্ধান্ত লৈ অসমত জাতিধ্বংসী বিধেয়কখন জাপি দিব নোৱাৰে ৷ প্ৰতিবাদকাৰীসকলে কেবৰ সন্দৰ্ভত চৰকাৰৰ সিদ্ধান্ত সলনি নকৰিলে আগন্তুক সময়ত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details