অসম

assam

ETV Bharat / state

লোকসভা নির্বাচনত ডিফুত বিজেপি দলে 3 লাখৰো অধিক ভোটত জয়ী হোৱাৰ দাবী তুলিৰাম ৰংহাঙৰ - মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং

জেংখাত বিজেপিৰ ঐক্য, বিজয় আৰু সমৃদ্ধি সমাৰোহ ৷ অনুপস্থিত সাংসদ হৰেণছিং বে’ ৷ বহুকেইটা উন্নয়নমূলক আঁচনি মুকলি কৰিলে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ অনুষ্ঠানত কংগ্ৰেছ দলক কটাক্ষ কৰে দলটোৱে ৷

UNITY VICTORY and PROSPERITY RALLY of bjp in DIPHU
জেংখাত বিজেপিৰ ঐক্য, বিজয় আৰু সমৃদ্ধি সমাৰোহ

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 7:47 AM IST

Updated : Nov 29, 2023, 9:23 AM IST

জেংখাত বিজেপিৰ ঐক্য, বিজয় আৰু সমৃদ্ধি সমাৰোহ

ডিফু, 29 নৱেম্বৰ: কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নেতৃত্বত পৰিষদৰ 26 টা সমষ্টিত চলি আছে ঐক্য, বিজয় আৰু সমৃদ্ধি সমাৰোহ । এই কাৰ্যসূচীৰ অধীনত মংগলবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণ পৰিষদীয় সমষ্টিৰ জেংখাত সম্পন্ন হয় এই সমাৰোহ । পৰিষদৰ আটাইতকৈ প্রবীণ নেতা মঙলছিং তিমুঙৰ সমষ্টিত আয়োজিত এই সমাৰোহত মুখ্য অতিথিৰূপে উপস্থিত থাকি কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয়, "আমি কংগ্রেছ, এপিএইচএলচি দলৰ দৰে সংবাদমেল পাতি বা ছ'চিয়েল মিডিয়াত অপপ্রচাৰ চলোৱা ৰাজনীতি নকৰো । আমি হাতে-কামে উন্নয়নৰ কাম কৰো । বিগত নির্বাচনত আমি দিয়া সকলো প্রতিশ্রুতি পালন কৰিছো । আজি তাৰেই অংশস্বৰূপে বিভিন্ন আঁচনি উদ্বোধন কৰিলো । 2024 চনৰ লোকসভা নির্বাচনত ডিফু আসনত বিজেপি দলে 3 লাখৰো অধিক ভোটৰ ব্যৱধানত জয়ী হ'ব ।"

কার্যবাহী সদস্য মঙ্গলছিং তিমুঙে আদৰণি ভাষণত সমষ্টিবাসীয়ে পাঁচবাৰকৈ তেওঁক পৰিষদলৈ নির্বাচিত কৰাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি কয়, "বিজেপি চৰকাৰৰ দিনত যিদৰে উন্নয়নমূলক কাম হৈছে সেয়া কংগ্রেছৰ শাসনকালত সম্ভৱ হোৱা নাছিল । কংগ্ৰেছ চৰকাৰে এনেদৰে দেশৰ সকলো প্রান্তৰ উন্নতিৰ কথা চিন্তা কৰিব নোৱাৰে । সেয়ে প্রধানমন্ত্রী মোদী দেশৰ জনতাৰ বাবে নয়নৰ মণি । কংগ্রেছে যিমান চেষ্টা কৰিলেও 2024 ত দিল্লী দখল কৰিব নোৱাৰে । তৃতীয়বাৰৰ বাবে দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী হ'ব ৷"

বিধায়ক দৰছিং ৰংহাং আৰু ৰূপছিং টেৰণেও কংগ্রেছ দলটোক কঠোৰ সমালোচনা কৰি কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদী, মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত দেশ, ৰাজ্য আৰু কাৰ্বি আংলঙৰ যিদৰে উন্নয়ন আৰু জনহিতকৰ কাম হৈছে তাৰ বাবেই ৰাইজে আকৌ এবাৰ মোদী চৰকাৰক দিল্লীত বহুৱাব ৷

লগতে পঢ়ক:তিনিখন আসনত বিজয়েৰে I.N.D.I.A.ক চৰকাৰ গঠনত সহায় কৰাৰ ইচ্ছা এ আই ইউ ডি এফৰ

Last Updated : Nov 29, 2023, 9:23 AM IST

ABOUT THE AUTHOR

...view details