অসম

assam

By

Published : Apr 9, 2021, 11:04 PM IST

ETV Bharat / state

ডিফুত ইউনাইটেড ট্ৰাইবেল অৰ্গানাইজেশ্যনৰ সংবাদ মেল

চলিত মাহৰ ৭ এপ্ৰিলৰ নিশা প্ৰায় ৯ বজাত কোনো অচিনাক্ত দুৰ্বৃত্তই ইউনাইটেড ট্ৰাইবেল অৰ্গানাইজেশ্যন আসামৰ ৰাজ্যিক সভাপতি মাৰ্কুছ বসুমতাৰীৰ বাসগৃহত প্ৰৱেশ কৰি পিষ্টল দেখুৱাই প্ৰাণে মৰা ভাবুকি প্ৰদান কৰিছিল ৷ ঘটনাৰ সৈতে জড়িত অপৰাধীক চিনাক্ত কৰি আটক কৰাৰ লগতে আইনগত ভাৱে ব্যৱস্থা গ্ৰহণৰ বাবে সংগঠনটোৰ পশ্চিম কাৰ্বি আংলং জিলা সমিতিয়ে এক সংবাদ মেল যোগে উত্থাপন কৰে তেওলোকৰ দাবী ৷

united tribal organisations press meet
অচিনাক্ত দুৰ্বৃত্তক আটক কৰাৰ দাবীত ইউনাইটেড ট্ৰাইবেল অৰ্গানাইজেশ্যন আসামৰ সংবাদ মেল

ডিফু, ৯ এপ্ৰিল: ইউনাইটেড ট্ৰাইবেল অৰ্গানাইজেশ্যন, অসমৰ পশ্চিম কাৰ্বি আংলং জিলা সমিতিয়ে শুকুৰবাৰে জিলাখনৰ সাতগাঁৱত এখন সংবাদ মেল সম্বোধন কৰে ৷ উল্লেখযোগ্য যে, সাতগাঁওস্থিত গড়কাপ্তানি বিভাগৰ বাংলোত আয়োজিত সংবাদ মেল খনত চলিত মাহৰ ৭ এপ্ৰিলৰ নিশা প্ৰায় ৯ বজাত কোনো অচিনাক্ত দুৰ্বৃত্তই সংগঠনটোৰ বঙাইগাওঁস্থিত মিচন ৰ’ড ৱাৰ্ড নং -৯’ ৰ বাসিন্দা তথা ইউনাইটেড ট্ৰাইবেল অৰ্গানাইজেশ্যন আসামৰ ৰাজ্যিক সভাপতি মাৰ্কুছ বসুমতাৰীৰ বাসগৃহত প্ৰৱেশ কৰি পিষ্টল দেখুৱাই প্ৰাণে মৰা ভাবুকি প্ৰদান কৰিছিল ৷

এই ঘটনাৰ পিছদিনাই সভাপতি গৰাকীয়ে ঘটনাটোৰ সন্দৰ্ভত বঙাইগাঁও আৰক্ষী থানাত এখন এজেহাৰ দাখিল কৰে ৷ কিন্তু ,আজি পৰ্যন্ত অচিনাক্ত পিষ্টলধাৰী দুৰ্বৃত্তক আৰক্ষীয়ে আটক কৰিব পৰা নাই ৷ ইপিনে, ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অতি শীঘ্ৰে এজেহাৰৰ ভিত্তিত ঘটনাৰ সৈতে জড়িত অপৰাধীক চিনাক্ত কৰি আটক কৰাৰ লগতে আইনগত ভাৱে ব্যৱস্থা গ্ৰহণৰ বাবে সংগঠনটোৰ পশ্চিম কাৰ্বি আংলং জিলা সমিতিয়ে এক সংবাদ মেল যোগে দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক:ৰূপহীহাটত ভয়ংকৰ পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details