অসম

assam

ETV Bharat / state

লংনিটৰ চিলনী নদীত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ

আজি মাঞ্জা থানাৰ অন্তৰ্গত চিলনী বনভোজ থলীৰ কাষৰ নদীত এটা অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আৰক্ষীৰ সূত্ৰই সদৰি কৰা অনুসৰি লংনিটৰ স্থানীয় লোকে আজি বিয়লি লংনিটৰ ওচৰত থকা চিলনী বনভোজ থলীৰ কাষৰ নদীত এটা অচিনাক্ত যুৱকৰ মৃতদেহ থকাৰ সম্ভেদ লাভ কৰে ৷

By

Published : Mar 19, 2021, 8:11 PM IST

লংনিটৰ চিলনী নদীত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ
লংনিটৰ চিলনী নদীত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ

ডিফু, ১৯ মাৰ্চঃ আজি মাঞ্জা থানাৰ অন্তৰ্গত চিলনী বনভোজ থলীৰ কাষৰ নদীত এটা অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আৰক্ষীৰ সূত্ৰই সদৰি কৰা অনুসৰি লংনিটৰ স্থানীয় লোকে আজি বিয়লি লংনিটৰ ওচৰত থকা চিলনী বনভোজ থলীৰ কাষৰ নদীত এটা অচিনাক্ত যুৱকৰ মৃতদেহ থকাৰ সম্ভেদ লাভ কৰে ৷

সম্ভেদ লাভ কৰাৰ পাচতে মাঞ্জা আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে ৷ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰৰ ব্যৱস্থা কৰে ৷ মৃতদেহটো চিনাক্ত নোহোৱালৈকৈ মৰণোত্তৰৰ পাচত মৰ্গত ৭২ ঘণ্টাৰ বাবে সংৰক্ষণ কৰা হ'ব বুলি জানিবলৈ দিছে ৷ আনহাতে মৃতদেহটোৰ কঁপালত আঘাতৰ চিন স্পষ্ট থকালৈ লক্ষ্য কৰি আৰক্ষীয়ে হত্যাৰ বলি হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: জনীয়াৰ মহাজোঁটৰ প্ৰাৰ্থী ড° ৰফিকুল ইছলামৰ মনোনয়ন দাখিল

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details