ডিফু,৫ এপ্ৰিলঃ কাৰ্বি আংলঙৰ পাৰখোৱাত সংযুক্ত মুক্তি বাহিনীৰ সদস্যক দেওবাৰে আটক কৰে আৰক্ষীয়ে ৷ অসম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ যুটীয়া অভিযানত ম্যানমাৰ সীমান্তত আটক হয় আলফা(স্বাধীন) ৰ সদস্য দুজন ৷ আটকাধীন সদস্য দুজনৰ এজন পাৰখোৱাৰ বজাৰৰ সমীপৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী পদ্মকান্ত লেখাৰুৰ পুত্ৰ চন্দ্ৰকান্ত লেখাৰু বুলি জানিব পৰা গৈছে ৷ বিগত প্ৰায় তিনিমাহে সন্ধানহীন হৈ আছিল যুৱকজন ৷ পূৰ্বে আছুৰ কাৰ্বি আংলঙৰ পাৰখোৱা আঞ্চলিকৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা লেখাৰু অঞ্চলটোৰ সামাজিক কামত জড়িত হোৱাৰ লগতে ৰাজ্যজুৰি চলা কা বিৰোধী আন্দোলনত নেতৃত্ব প্ৰদান কৰিছিল ৷
কাৰ্বি আংলঙত আটক আলফা নেতা - ULFA leader arrested at karbi aanglong
কাৰ্বি আংলঙৰ এগৰাকী প্ৰাক্তন আছু নেতা আলফাত যোগদান কৰাৰ পিছত আৰক্ষীয়ে দেওবাৰে আটক কৰে ৷ ঘটনাক কেন্দ্ৰ কৰি পাৰখোৱাত চাঞ্চল্য অব্যাহত ৷
কাৰ্বি আংলঙত আটক আলফা নেতা