ডিফু,19 অক্টোবৰ : সমাগত বিধানসভা নির্বাচনৰ প্রাকক্ষণত বিটিএডি এলেকাৰ ৰাজনৈতিক প্রেক্ষাপটত একপ্রকাৰ চমক সৃষ্টি কৰি বড়ো সংগঠনৰ বুজন সংখ্যক নেতাই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰাৰ পাচত বড়ো জনগোষ্ঠীৰ প্রভাৱ থকা এলেকাসমূহত সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে সন্মিলিত বড়ো ঐক্য মঞ্চ চমুকৈ ইউবিপিঅ’ই ।
দেওবাৰে বিয়লি ভাগত সংগঠনটোৰ নেতৃবর্গই বড়ো প্রভাৱিত লাংহিনত এলেকাটোৰ অগ্রণী বড়ো সংগঠনসমূহৰ লগতে বিশিষ্ট ব্যক্তিসকলৰ সৈতে এক ৰাজহুৱা সভাত মিলিত হয় । ইউবিপিঅ’ৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আনন্দৰাম মুছাহাৰী সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা সভাখনত ঘাইকৈ কাৰ্বি আংলং জিলাত বসবাস কৰি থকা বড়োসকলৰ বিভিন্ন সমস্যা সম্পর্কে আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে ।
ইউবিপিঅ’ৰ কার্বি আংলং জিলা সমিতিৰ সভাপতি বাদল মুছাহাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে সংগঠনটোৰ কেন্দ্রীয় সমিতিৰ সভাপতি মিহিনিশ্বৰ বসুমতাৰী,সাধাৰণ সম্পাদক অনিল বসুমতাৰী,উপদেষ্টা ৰমেন্দ্র ব্রহ্ম,বিপিন গয়াৰী প্রমুখ্যে কেন্দ্রীয় নেতৃবৃন্দ ৷ লগতে উপস্থিত থাকে কার্বি আংলং জিলাৰ অগ্ৰণী বড়ো সংগঠনসমূহৰ মুৰব্বীসকল,লাংহিন পৌৰসভাৰ অধ্যক্ষ কমল ব্রহ্ম,লাংহিন ভিডিচিৰ অধ্যক্ষ খনছাই বসুমতাৰী,সাহিত্য অকাডেমী বটাপ্রাপক ড৹ প্রেমানন্দ মুছাহাৰী,অৰবিন্দ উজীৰ আৰু ঋতুৰাজ বসুমতাৰী ৷
সভাখনত কাৰ্বি আংলং জিলাত যুগ যুগ ধৰি বসবাস কৰি থকা বড়োসকলৰ বিভিন্ন সমস্যাসমূহ সম্পর্কে অৱলোকন কৰে প্রাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি শাস্তন বসুমতাৰী আৰু কছাৰী সমাজৰ সভাপতি উত্তম চন্দ্র ব্রহ্মাই ৷
লগতে পঢ়ক :কৃষি বিভাগৰ খেতি কৰি বিপদত ধেমাজিৰ খেতিয়ক