অসম

assam

Two Arrested : হাতীৰ দাঁতসহ আৰক্ষীৰ জালত মিন্টু-ছাহজাহান

By

Published : Nov 14, 2021, 4:02 PM IST

অসম-নাগালেণ্ড সীমান্ত(Assam-Nagaland Border)ত বৃদ্ধি পাইছে চোৰাং চিকাৰীৰ লগতে বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগৰ বেহা ৷ দেওবাৰে আৰক্ষীৰ অভিযানত জব্দ হয় দুটা হাতী দাঁত ৷ দুজন লোকে গোপনে লৈ আহিছিল দাঁত দুটা ৷

Two Arrested
ডিলাইত হাতী দাঁত সহ আটক দুই যুৱক

ডিফু, 14 নৱেম্বৰ : অপৰাধমূলক কাৰ্য-কলাপ বৃদ্ধি পাবলৈ ধৰিছে কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড(Assam-Nagaland Border) সীমান্তত ৷ শেহতীয়াকৈ উক্ত অঞ্চলত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হোৱাৰ পিছত পোহৰলৈ আহিছে বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগ সৰবৰাহ কৰাৰ ঘটনা ৷ এই ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷

ডিলাইত হাতী দাঁত সহ আটক দুই যুৱক

প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে পুৱা প্ৰায় 9.30 বজাত ডিলাই থানা(Dilai Police)ৰ ভাৰপ্ৰাপ্ত বিষয়া ফণীন্দ্ৰ ৰাভাৰ নেতৃত্বত সহকাৰী উপ পৰিদৰ্শক জিতেন গগৈ আৰু আৰক্ষীৰ এটা দলে এক অভিযান চলায় ৷ উক্ত অভিযানত উদ্ধাৰ হয় দুজন লোকে চোৰাংকৈ অনা দুটাকৈ হাতী দাঁত ৷

হাতী দাঁত সহ আটক কৰা যুৱক দুজন ক্ৰমে হোজাইৰ যমুনামুখৰ এৰাকপিলী গাঁৱৰ নদল কৰ্মকাৰৰ পুত্ৰ মিণ্টু কৰ্মকাৰ আৰু বৰজৰি মাজগাঁও নিবাসী চুলতান আহমেদৰ পুত্ৰ ছাহজাহান আহমেদ বুলি চিনাক্ত কৰা হৈছে ৷ আৰক্ষীয়ে যুৱক দুজনে ব্যৱহাৰ কৰা AS 02 AC 9883 নম্বৰৰ বলেৰ' পিকআপ বাহনখনো জব্দ কৰিছে ৷

লগতে চাওক:বিগত চাৰিবছৰত হ্ৰাস পালে ৰাজ্যৰ লক্ষাধিক কৃষিভূমি

ABOUT THE AUTHOR

...view details