অসম

assam

ETV Bharat / state

বোকাজানত বজ্ৰ পৰি দুই কিশোৰৰ মৃত্যু

হঠাতে অহা বৰষুণৰ লগত বজ্ৰ পৰি মৃত্যুক আঁকোৱালি লয় বোকাজানৰ দুই কিশোৰে ৷ দেওবাৰে বিয়লি কিশোৰ দুগৰাকীয়ে গৰু আনিবলৈ পথাৰলৈ গৈছিল ৷

Two student deatth in thunder diphu karbi anglong assam etv bharat news
বজ্ৰ পৰি দুই কিশোৰৰ মৃত্যু

By

Published : Oct 4, 2020, 8:50 PM IST

ডিফু,4 অক্টোবৰ: দেওবাৰে বোকাজানত প্ৰবল বিজুলী-ঢেৰেকণিৰে হঠাতে অহা এজাক মুষলধাৰ বৰষুণৰ লগতে বজ্ৰ পৰি মৃত্যুক সাৱটি লয় দুই কিশোৰে ৷ বোকাজানৰ সমীপৱৰ্তী কাৱৰাম পাণিকা বস্তিৰ উত্তম পাণিকাৰ পুত্ৰ অজয় পাণিকা আৰু একে গাঁৱৰে ফুকন পাণিকাৰ পুত্ৰ ৰাহুল পাণিকাই বিয়লিভাগত গৰু আনিবৰ নিমিত্তে ঘৰৰ সমীপৰ পথাৰলৈ যায় ৷ কিন্তু হঠাতে গাজনি-ঢেৰেকণিৰে বৰষুণ অহাত কিশোৰ দুগৰাকীয়ে আশ্ৰয় লয় পথাৰৰ মাজত থকা এজোপা বৃহৎ গছৰ তলত ৷ কিন্তু বৰষুণৰ লগতে ব্ৰজ পৰাত থিতাতে নিহত হয় কিশোৰ দুজন ৷

মৃত ছাত্ৰ দুজন বোকাজানৰ বৰজান উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত আছিল । ছাত্ৰ দুজনৰ এনে মৃত্যুৱে সমগ্ৰ বোকাজানতে গভীৰ শোকৰ ছাঁ পেলাইছে ।

লগতে চাওকঃSI কাণ্ড সন্দৰ্ভত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details