ডিফু,৬ ফেব্ৰুৱাৰী:শনিবাৰে নিশা 36 নং ৰাষ্ট্রীয় ঘাইপথৰ ওপৰত সংঘটিত হােৱা দুটাকৈ ভয়ংকৰ পথ দুর্ঘটনাত এজন লােক নিহত হােৱাৰ বিপৰীতে আহত হৈছে আন কেইবাজনাে লােক ৷ মাঞ্জা থানাৰ অন্তর্গত লংনিটত এখন তীব্র বেগী এল্ট’ বাহনে পথৰ দাঁতিত ৰখাই থােৱা এখন অট’ৰিক্সাত প্রচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত এজন লােক নিহত হয় । ঘটনাৰ বিৱৰণী অনুসৰি, ডিফুৰ ৰে’লৱে কলনী নিবাসী তথা ফল-মূলৰ ব্যৱসায়ী উত্তম মজুমদাৰে দুই পুত্র ক্ৰমে বিশ্বজিৎ আৰু অৰজিতৰ সৈতে নিজৰ এএছ ০৯ ১৫০৮ নম্বৰৰ অট’ৰিক্সাৰে আগন্তুক সৰস্বতী পূজাৰ বাবে লংনিটৰ পৰা ফলমূল সংগ্রহৰ বাবে গৈছিল ।
সেই সময়তে বকলীয়াঘাটৰ পৰা তীব্র বেগে আহি থকা এমএন ০৩ এ ২০২৫ নম্বৰৰ তীব্র বেগী এল্ট’খনে পথৰ দাঁতিত ৰখাই থােৱা অট’খনত প্রচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত তিনিওজন আৰোহী গুৰুতৰভাৱে আহত হয় । স্থানীয় লােকসকলে তৎপৰতাৰে তিনিওকে উদ্ধাৰ কৰি মাঞ্জা চিকিৎসালয়ত ভর্তি কৰোৱায় যদিও আঘাত অতি গুৰুতৰ হােৱাত তিনিওকে উন্নত চিকিৎসাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে চিকিৎসকে । পৰৱৰ্তী সময়ত চিকিৎসালয়তে বিশ্বজিৎ মজুমদাৰ (১৭)ৰ মৃত্যু হয় ৷ দুর্ঘটনাটোত গুৰুতৰভাৱে আহত উত্তম মজুমদাৰৰ আন গৰাকী পুত্র অৰজিৎ মজুমদাৰৰ অৱস্থা এতিয়াও সংকটজনক ৷ দুর্ঘটনাটো সংঘটিত কৰা এল্ট’খনৰ চালকগৰাকীক কৰায়ত্ত কৰিছে আৰক্ষীয়ে ৷ এই সন্দর্ভত মাঞ্জা থানাত পঞ্জীয়ন কৰা হৈছে এক গােচৰ ৷