ডিফু, ৬ জুন :পশ্চিম কাৰ্বি আংলং জিলাৰ টুম্প্ৰেঙস্থিত ক’ভিড কেয়াৰৰ কেন্দ্ৰৰ পৰা দুজন আচামী পলায়ন কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি শনিবাৰে নিশা কেন্দ্ৰটোৰ খিৰিকী ভাঙি পলায়ন দুই আচামীয়ে পলায়ন কৰে ৷
পলায়ন কৰা দুই আচামী ক্ৰমে বৰলংকি টিমুং আৰু জন ইংতি বুলি জানিব পৰা গৈছে ৷ জিলাখনৰ বিভিন্ন প্ৰান্তত উগ্ৰপন্থী বুলি ধন দাবী কৰাৰ অপৰাধত বিগত ২৮ মে’ত দুয়োকে হামৰেণ আৰক্ষীয়ে উমৰাংচুৰ পৰা গ্ৰেপ্তাৰ কৰিছিল বুলি জানিব পৰা গৈছে ৷