অসম

assam

ETV Bharat / state

বকলীয়াঘাটত বন বিভাগৰ অভিযানত চোৰাং কাঠসহ আটক দুই - চোৰাং কাঠ

কাৰ্বি আংলং জিলাত দীৰ্ঘদিন ধৰি মূল্যবান কাঠৰ চোৰাং সৰবৰাহৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ বন বিভাগে এনে অভিযোগৰ ভিত্তিত চোৰাং কাঠৰ অবৈধ বেহাৰ বিৰুদ্ধে সময়ে সময়ে অভিযান অব্যাহত ৰাখিছে ৷

Two persons apprehanded illigal timbers at bokoliaghat
বকলীয়াঘাটত বন বিভাগৰ অভিযান: চোৰাং কাঠসহ আটক দুই

By

Published : Aug 30, 2021, 2:12 PM IST

ডিফু, 30 আগষ্ট :কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত শনিবাৰে নিশা বন বিভাগে অভিযান চলাই লক্ষাধিক টকাৰ মূল্যবান চোৰাং কাঠ জব্দ কৰে ৷ বন বিভাগে এই অভিযানৰ সময়ত দুজন লোকক আটক কৰাৰ লগতে চোৰাং কাঠৰ সৰবৰাহ কৰা দুখন বাহনো জব্দ কৰিবলৈ সক্ষম হয় ।

চোৰাং কাঠসহ আটক দুই

বন বিভাগৰ নৰ্দাৰ্ণ ৰেঞ্জৰ সহকাৰী বন সংৰক্ষক হৰিনাথ ৰংহাঙৰ নেতৃত্বত বনকৰ্মীৰ এটা দলে বকলীয়াঘাটৰ শিলপোতাত অভিযান চলাই কাঠ ভৰ্তি এ এছ-০২-ই-২৮৮৭ আৰু এ এছ-০২-ই-৫৬৬৭ নম্বৰৰ বাহন দুখন জব্দ কৰে । দুয়োখন বাহনত হালদু, বগীপমা, লালি আদি মূল্যবান কাঠৰ বাটাম থকা বুলি বন বিভাগে জানিবলৈ দিয়ে ।

বকলীয়াঘাটত বন বিভাগৰ অভিযানত জব্দ চোৰাং কাঠ

বন বিভাগে সদৰী কৰা অনুসৰি জব্দ হোৱা কাঠখিনিৰ চৰকাৰী মূল্য প্ৰায় লক্ষাধিক টকা । জব্দ হোৱা কাঠখিনি মাৰাত লংৰি সংৰক্ষিত বনাঞ্চলৰ পৰা অনা বুলি সন্দেহ কৰা হৈছে যদিও এই সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে বন বিভাগে ।

বকলীয়াঘাটত বন বিভাগৰ অভিযান

লগতে পঢ়ক :পুনৰ নলবাৰীত ডকাইতৰ আত্মসমৰ্পণ

ABOUT THE AUTHOR

...view details