অসম

assam

ETV Bharat / state

পুনৰ ডকমকাত জঘন্যকাণ্ড : মৰিয়াই মৰিয়াই জ্বলাই দিলে দুজনক

গাঁওখনৰ একাংশ উন্মত্ত যুৱকে ৰমাৱতী হালোৱাক মাৰধৰ কৰি নৃশংসভাৱে হত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে । আনহাতে, গাঁওবাসীৰ এনে অযুক্তিকৰ কাম-কাজত বাধা প্ৰদান কৰিবলৈ গাঁওখনৰে এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক বিজয় গৌড় নামৰ যুৱকজন আগবাঢ়ি আহে ৷ যদিও উন্মত্ত জনতাই যুৱকজনকো কোবাই কোবাই অতি নৃশংসভাৱে হত্যা কৰে । অন্ধবিশ্বাসত পোত গৈ গাঁওবাসীয়ে ইমানতে ক্ষান্ত নাথাকি দুয়োটা মৃতদেহৰ শিৰচ্ছেদ কৰি পূজা আগবঢ়ায় ৷

Karbi anglong
ডকমকা

By

Published : Oct 1, 2020, 10:58 PM IST

ডিফু, ১ অক্টোবৰঃ পুনৰ কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত হ'ল ডাইনীৰ সন্দেহত সাধাৰণ ৰাইজৰ নৃশংস কাণ্ড ৷ কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত লাংহিনৰ ৰহিমাপুৰত ডাইনীৰ সন্দেহত দুজন লোকক নৃশংসভাৱে হত্যা কৰে গাঁৱৰে একাংশ উন্মত্ত লোকে ৷ ইমানতে শান্ত নাথাকি মৃতদেহ জ্বলাই দিয়াৰ তথ্যও পোহৰলৈ আহিছে।

ঘটনাৰ বিৱৰণ অনুসৰি, গাঁওখনৰ এগৰাকী যুৱতী বিগত কিছুদিন ধৰি গুৱাহাটীত চিকিৎসাধীন হৈ থকাৰ পিছত তিনিদিন পূৰ্বে যুৱতীগৰাকীৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় । সেই অনুসৰি, বুধবাৰে যুৱতীগৰাকীৰ তিনিদিনীয়া সামাজিক ক্ৰিয়া কৰ্ম অনুষ্ঠিত হৈ থকা অৱস্থাতে গাঁওখনৰে আন এগৰাকী যুৱতীয়ে অস্বাভাৱিক আচৰণ কৰিবলৈ আৰম্ভ কৰে । পিছত ’গাত দেউ লম্ভা’ বুলি গাঁওবাসীয়ে ধাৰণা কৰে ৷ লগতে উক্ত যুৱতীগৰাকীয়ে ওচৰৰে ৰমাৱতী হালোৱা নামৰ মহিলাগৰাকীক ডাইনী বুলি অভিযোগ কৰে ৷ ইয়াৰোপৰি, মহিলাগৰাকীৰ বাবেই গাঁওখনৰ অপায় অমংগল সংঘটিত হৈ থকা বুলি গাঁওবাসীক অৱগত কৰে ।

লগতে পঢ়কঃমুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে চাইবাৰ নিৰাপত্তা মাহৰ

লগে লগে গাঁওখনৰ একাংশ উন্মত্ত যুৱকে ৰমাৱতী হালোৱাক মাৰধৰ কৰি নৃশংসভাৱে হত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে । আনহাতে, গাঁওবাসীৰ এনে অযুক্তিকৰ কাম-কাজত বাধা প্ৰদান কৰিবলৈ গাঁওখনৰে এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক বিজয় গৌড় নামৰ যুৱকজন আগবাঢ়ি আহে ৷ যদিও উন্মত্ত জনতাই যুৱকজনকো কোবাই কোবাই অতি নৃশংসভাৱে হত্যা কৰে । অন্ধবিশ্বাসত পোত গৈ গাঁওবাসীয়ে ইমানতে ক্ষান্ত নাথাকি দুয়োটা মৃতদেহৰ শিৰচ্ছেদ কৰি পূজা আগবঢ়ায় ৷

পুনৰ উত্তপ্ত ডকমকা

পৰৱৰ্তী সময়ত মৃতদেহ দুটা এখন নদী পাৰ কৰি চোঁচৰাই নি এটা পাহাৰৰ ওপৰত দাহ কৰে। উন্মাদ লোকসকলে মহিলাগৰাকীৰ কিশোৰী কন্যাগৰাকীকো হত্যাৰ চেষ্টা চলাই যদিও কিশোৰীগৰাকী নিশাটো ধাননিৰ মাজত লুকাই থাকি কোনোমতে প্ৰাণ ৰক্ষা কৰে ৷ বৃহস্পতিবাৰে পুৱা ডকমকা থানাত হাজিৰ হয় কিশোৰীজনী। আনহাতে উক্ত হত্যাকাণ্ডৰ ঘটনাত জড়িত এজন দুষ্কৃতিকাৰীয়ে বৃহস্পতিবাৰে পুৱা ডকমকা থানাত আত্মসমৰ্পণ কৰে । ঘটনাৰ উমান পায় আৰক্ষীৰ এক বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

লগতে পঢ়কঃ7 মাহৰ পাচত ‘Thalaivi’ৰ শ্বুটিংস্থলীত উপস্থিত কংগণা ৰাণাৱট

কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী, উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাকে ধৰি আৰক্ষী প্ৰশাসনৰ উচ্চস্তৰীয় লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । আৰক্ষীয়ে মৃতদেহৰ অৱশিষ্ট, হত্যাকাণ্ডত ব্যৱহাৰ অস্ত্ৰ আদি জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে । এই সন্দৰ্ভত সম্প্ৰতি ৯ জন লোকক আটক কৰি ডকমকা থানাত সোধ-পোছ অব্যাহত ৰাখিছে । পৰৱৰ্তী পৰ্যায়ত আন বহুকেইগৰাকী লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ।

ABOUT THE AUTHOR

...view details