অসম

assam

ETV Bharat / state

নৱবৰ্ষৰ পহিলা দিনটোতে বৈঠালাংচ’ত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত 2 - বৈঠালাংচ' আৰক্ষী থানা

নৱবৰ্ষৰ প্ৰথম দিনটোতে বৈঠালাংচ’ত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা (Road accident at baithalangso) ৷ দুৰ্ঘটনাত থিতাতে নিহত দুই বাইক আৰোহী ৷

Road accident at baithalangso
নৱবৰ্ষৰ পহিলা দিনটোত বৈঠালাংচ’ত ভয়াবহ পথ দুৰ্ঘটনা

By

Published : Jan 1, 2022, 10:14 PM IST

ডিফু, ১ জানুৱাৰী :নৱবৰ্ষৰ প্ৰথম দিনটেই অঘটন ৷ শনিবাৰে পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংচ’ত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা (Road accident at baithalangso) ৷ এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুই মটৰ চাইকেল আৰোহী ৷

ঘটনাৰ বিৱৰণি অনুসৰি, বৈঠালাংচ'ত একে পথৰে গৈ থকা এক বলেৰ' পিকআপ বাহনত পিছফালৰ পৰা এখন দ্ৰুতবেগী বাইকে খুন্দিয়াই ৷ ফলত থিতাতে নিহত হয় দুজন বাইক আৰোহী ৷ দুৰ্ঘটনাটোত নিহত এজন চি ইম ৰংপী বুলি চিনাক্ত কৰা হৈছে যদিও আনজনৰ নাম বৰ্তমানেও জানিব পৰা হোৱা নাই ৷

প্ৰাপ্ত তথ্য অনুসৰি, দুৰ্ঘটনা সংঘটিত কৰা বাইকখনত উঠি আহিছিল তিনিজনকৈ লোক ৷ ইয়াৰে দুজন লোকৰ ইতিমধ্যে মৃত্যু হৈছে ৷ আনহাতে, তৃতীয়জন বাইক আৰোহী গুৰুত্বৰভাৱে আহত হৈছে ৷ তেওঁৰ নাম ইমছ' ৰংফাৰ বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, বৈঠালাংচ' আৰক্ষী থানা (Baithalangso police station)ৰ পৰা মাত্ৰ ৫০০ মিটাৰ দূৰত্বত সংগঠিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো ৷ নতুন বছৰৰ প্ৰথমটো দিনতেই সংঘটিত হোৱা এই শোকাৱহ দুৰ্ঘটনাটোৱে অঞ্চলটোত পেলাইছে শোকৰ ছাঁ ৷

লগতে পঢ়ক :Nagaon Police against drink and drive : নগাঁৱত সুৰাসক্ত চালকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ABOUT THE AUTHOR

...view details