ডিফু,৩০ মে': কাৰ্বি আংলং জিলাৰ ডিফু আৰু খটখটীত একেদিনাই দুটি নাবালিকা অনাথ কন্যা শিশু উদ্ধাৰ হয় ৷ ইয়াৰে ১০ বছৰীয়া অনাথ শিশুটি লামডিঙৰ পৰা খোজকাঢ়ি আহি ডিফুত উপস্থিত হোৱাৰ পাচত উদ্ধাৰ হোৱাৰ বিপৰীতে ১২ বছৰীয়া আনটি শিশুক খটখটী থানাৰ অন্তৰ্গত লাহৰিজান এছাৰ পেট্ৰল পাম্পৰ ভাড়াঘৰৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে ৷
ডিফু, খটখটীত একেদিনাই দুগৰাকী অনাথ শিশু উদ্ধাৰ সংবাদ মাধ্যমেৰে সৈতে হোৱা দুটি পৃথক বাৰ্তালাপত ডিফু আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াই কয় যে, শনিবাৰে লামডিং জোৰাপুখুৰীৰ পৰা ৰেলপথেৰে পদব্ৰজেৰে ডিফুৰ বাঘমাৰীৰ এঘৰত ১০ বছৰীয়া এটি কন্যা শিশু উপস্থিত হয় ৷ ঘৰৰ গৰাকীয়ে দেওবাৰে পুৱা শিশুটিক ডিফু জি আৰ পিত চমজাই দিয়ে ৷ শিশু গৰাকীক সোধপোছ কৰোতে তাই লামডিঙৰ জোৰাপুখুৰীৰ এঘৰত আশ্ৰয় লৈ আছিল যদিও আত্মীয় হিচাপে ডিমাপুৰৰ নাগাবস্তিৰ পেহীয়েকৰ ঘৰত যাবলৈ উলাইছিল বুলি জনাই যদিও শিশু গৰাকীৰ পিতৃ-মাতৃ নাই বুলি কয় ৷ সেয়ে শিশু গৰাকীক শিশু কল্যাণ সমিতিক অৰ্পণ কৰা হ’ব বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷
সংবাদ মাধ্যমৰ সৈতে আন এক বাৰ্তালাপত কাৰ্বি আংলং জিলা শিশু কল্যাণ সমিতিৰ সদস্য বুলু তেৰাঙে কয় যে, খটখটী আৰক্ষীয়ে লাহৰিজান এছাৰ পেট্ৰল পাম্পৰ ওচৰৰ ভাড়াঘৰৰ পৰা আন এটি ১২ বছৰীয়া শিশু উদ্ধাৰ কৰি শিশু কল্যাণ সমিতিক চমজাই দিয়ে ৷ শিশুটিৰ পিতৃ ১০ বছৰ পূৰ্বে মৃত্যু হোৱাৰ বিপৰীতে মাতৃ গৰাকী ক'ভিডত মৃত্যু হৈছে বুলি কৈছে যদিও বিভাগীয় প্ৰমাণপত্ৰ পোৱাৰ পাচতহে সকলো পোহৰলৈ আহিব বুলি কয় ৷
শিশু কল্যাণ সমিতিৰ সদস্যগৰাকীয়ে জানিবলৈ দিয়া মতে, মুখ্যমন্ত্ৰী শিশু সেৱা আচঁনিৰ অধীনত সুবিধা পোৱাৰ বাবে যাৱতীয় বৱ্যস্থা গ্ৰহণ কৰা হ’ব ৷ জিলা উপায়ুক্তগৰাকীয়ে অনাথ শিশুটিৰ সন্দৰ্ভত যাৱতীয় আপডেট কৰি থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে বুলি জানিবলৈ দিয়াৰ লগতে দুয়োগৰাকী শিশুক বিভাগীয় যাৱতীয় কাম-কাজ কৰাৰ পাচত ধনশিৰি অনাথ গৃহত ৰখা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ৷
লগতে পঢ়কঃ ৰাজ্যজুৰি প্ৰধানমন্ত্ৰীৰ 7 বছৰীয়া কাৰ্যকালৰ বৰ্ষপূৰ্তি উদযাপন