ডিফু, ২২ ডিচেম্বৰ: কাৰ্বি আংলঙত পুনৰ ধন দাবীৰ ঘটনা পোহৰলৈ আহিছে । এইবাৰৰ স্থান পশ্চিম কাৰ্বি আংলঙৰ হামৰেণ । কেইবাজনো লোকক ধন দাবী কৰি অৱশেষত আৰক্ষীৰ জালত পৰিল দুজন যুৱক(Two arrested for allegedly extorting money in Hamren) ।
জানিব পৰা মতে, কোনো সংগঠনৰ নাম নোলোৱাকৈ যুৱক দুজনে হামৰেণৰ লোক নিৰ্মাণ বিভাগৰ আৱাসিক কলনিৰ কেইবাজনো লোকৰ পৰা ধন দাবী কৰিছিল ৷ বুধবাৰে নিশা দাবী কৰা ধন নিবলৈ অহাৰ সময়তে আৰক্ষীয়ে যুৱক দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
ধৃত যুৱক দুজন ক্ৰমে হামৰেণৰ লামটুপথুপী গাঁও নিবাসী খন তিমুং আৰু আমবিনং নিবাসী জন তিচ' বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে যুৱক দুজনক কৰায়ত্ত কৰাৰ লগতে ধন দাবী কাৰ্যত ব্যৱহাৰ হোৱা এখন মটৰ চাইকেল জব্দ কৰে ৷ ভুক্তভোগীসকলৰ অভিযোগৰ ভিত্তিত হামৰেণ থানাত এই সন্দৰ্ভত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে (Extortion case filed in Hamren police station) ৷