অসম

assam

Extortion Case: ডিফুত ধনদাবী কৰি আৰক্ষীৰ জালত মণিপুৰৰ দুজন লোক

By

Published : Dec 7, 2021, 8:13 PM IST

কাৰ্বি আংলং জিলাৰ বহু স্থানত ধনদাবীৰ ঘটনা সংঘটিত হৈছে (Extortion case in Karbi Anglong)। তেনে এক ঘটনাৰ অনুসন্ধান চলোৱাৰ সময়তে গ্ৰেপ্তাৰ হৈছে দুজনকৈ মণিপুৰৰ লোক । বহুতৰ পৰা ধনদাবী কৰাৰ অভিযোগ আছে দুয়োজনৰ বিৰুদ্ধে ।

Extortion case
ডিফুত ধনদাবী কৰি আৰক্ষীৰ জালত মণিপুৰৰ দুজন লোক

ডিফু,৭ ডিচেম্বৰ : শেহতীয়াকৈ কাৰ্বি আংলং জিলাত কেইবাটাও ধনদাবীৰ ঘটনা সংঘটিত হৈছে (Extortion case in Karbi Anglong) । জিলাখনৰ কেইবাখনো থানাত ইতিমধ্যে এই সন্দৰ্ভত কেইবাটাও গোচৰ ৰুজু হৈছে । ইয়াৰ পাছতে দুষ্টচক্ৰটোৰ বিৰুদ্ধে সষ্টম হৈছে কাৰ্বি আংলং আৰক্ষী ।

আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে । তাৰ মাজতে কাৰ্বি আংলং জিলাৰ ডিফুত আটক দুই মণিপুৰী লোক । সাধাৰণ নাগৰিকৰ পৰা ধনদাবী কৰাৰ অভিযোগত দুয়োজন লোককে আটক কৰিছে আৰক্ষীয়ে (Manipuri arrested at Diphu on extortion case)।

ডিফুত ধনদাবী কৰি আৰক্ষীৰ জালত মণিপুৰৰ দুজন লোক

প্ৰাপ্ত তথ্য মতে, সেনাৰ চোৰাংচোৱাৰ লগতে ডিফু আৰক্ষীয়ে ডিফু থানাৰ অন্তৰ্গত ডি মাৰবেং নামৰ এলেকাত কোনো দুৰ্বৃত্তই স্থানীয় লোকৰ পৰা ধনদাবী কৰাৰ তথ্য লাভ কৰিছিল ৷ উক্ত তথ্যৰ ভিত্তিতে সোমবাৰে বিয়লি ডিফু আৰক্ষী, পঞ্চম বেটেলিয়ানৰ আৰক্ষী আৰু চিআৰপিএফৰ ২০ নং বেটেলিয়ানৰ এক যুটীয়া অভিযানকাৰী দলে অভিযান আৰম্ভ কৰে । অভিযানকাৰী দলটোৱে ডি মাৰবেং গাঁৱৰ পৰা আত্মগোপন কৰি থকা অৱস্থাত মণিপুৰৰ লোক দুজনক আটক কৰিবলৈ সক্ষম হয় ৷

ধৃত লোক দুজন ক্ৰমে মণিপুৰৰ জিৰিবাম মংবুম নিৱাসী চেইনেইথেং কিপগেন ওৰফে লেলিয়েন ওৰফে জন আৰু উচাথল জেইৰল পৌৰীৰ পাথুৱং ওৰফে এলকেন পাখুৱাং বুলি চিনাক্ত কৰা হৈছে ৷

ডিফুত ধনদাবী কৰি আৰক্ষীৰ জালত মণিপুৰৰ দুজন লোক

লোক দুজনৰ জিম্মাৰ পৰা আৰক্ষীয়ে ধনদাবীৰ সময়ত ব্যৱহাৰ কৰা এটা ম'বাইল ফোন আৰু দাবী কৰি অনা নগদ ১০ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ডি মাৰবেং গাঁৱৰ ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত ডিফু থানাত ৩৫০/২১ নম্বৰত এক গোচৰো ৰুজু কৰিছে আৰক্ষীয়ে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :স্বামী গ’ল জেললৈ: ড্ৰাগছৰ ব্যৱসায় চলাই নিয়াৰ দায়িত্ব ল’লে পত্নীয়ে !

TAGGED:

ABOUT THE AUTHOR

...view details