ডিফু,3 ফেব্ৰুৱাৰী: কাৰ্বি-আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ বোকাজানত পুনৰ উদ্ধাৰ হৈছে নিষিদ্ধ হেৰ’ইন ৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ড্ৰাগছ নেটৱৰ্কৰ পুৰণি লিংকত উদ্ধাৰ হৈছে ড্ৰাগছখিনি ৷
বোকাজানত হেৰ’ইন সহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী এটি গোপন সূত্ৰৰ পমখেদি বৃহস্পতিবাৰৰ পুৱা বোকাজানৰ চিচিআইৰ চিআৰপিএফ কেম্পৰ ওচৰত এক তালাচী অভিযান চলোৱা হৈছিল ৷ বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত বোকাজান থানাৰ অ'চি মৌবলিক ব্ৰক্ষই চিআৰপিএফ আৰু আৰক্ষীৰ এটা দলে চলাইছিল এই তালাচী অভিযান ৷
বোকাজানত হেৰ’ইন সহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী অভিযান কালত আৰক্ষীয়ে এখন নম্বৰপ্লেট বিহীন ৱেগনাৰ বাহনত তালাচী চলাই বাহনখনৰ পৰা ৫১ টা চাবোনৰ বাকচত কঢ়িয়াই অনা ৬৬০ গ্ৰাম নিষিদ্ধ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ উক্ত হেৰ’ইনখিনি সৰবৰাহৰ লগত জড়িত এজন পুৰুষ আৰু এগৰাকী মহিলাকো অভিযানকাৰী দলটোৱে গ্ৰেপ্তাৰ কৰে (Drugs Peddler Arrested) ৷ ধৃত সৰবৰাহকাৰী দুজন ক্ৰমে নাগালেণ্ডৰ ডিমাপুৰৰ চুকুডিমা থানা এলেকাৰ ছয় মাইলৰ অশোখ'(৪৫) আৰু শীলা (৩৬)বুলি চিনাক্ত কৰা হৈছে ৷ অশোখ'য়ে কিছুদিন পূৰ্বে ৬৯৫ গ্ৰাম নিষিদ্ধ হেৰ’ইনসহ গ্ৰেপ্তাৰ হোৱা বাবা হাজৰিকাক ড্ৰাগছৰ যোগান ধৰাৰ কাৰ্যত জড়িত আছিল বুলি সূত্ৰটোত প্ৰকাশ ৷
লগতে পঢ়ক:Fraudster Mridupaban Neog Case: প্ৰৱঞ্চক মৃদুপৱনৰ দুই সতীৰ্থক আটক