ডিফু, 19 এপ্ৰিল :কাৰ্বি আংলঙৰ সীমান্তত অৱস্থিত এটি অঞ্চল হৈছে খটখটি ৷ যাৰ নিচেই সমীপতে আছে অসম-নাগালেণ্ড সীমান্ত ৷ সীমান্তৱৰ্তী অঞ্চল হোৱাৰ বাবে অপৰাধীয়ে এই অঞ্চলক অপৰাধমূলক কাৰ্যকলাপৰ বাবে একপ্ৰকাৰ কৰিড’ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে ৷ অপৰাধীক তেওঁলোকৰ লক্ষ্যত বাধা প্ৰদান কৰাৰ উদ্দেশ্যে শেহতীয়াকৈ কিছুদিনৰ পৰা এই অঞ্চলত ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ইতিমধ্যে বহুকেইটা অভিযানত সফলো হৈছে আৰক্ষী ৷
সোমবাৰে নিশা অসম-নাগালেণ্ড সীমান্তৰ খটখটিত চলা এনে এক অভিযানত আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছ(Drugs seized at Khotkhoti) ৷ খটখটী আৰক্ষী চকীৰ অন্তৰ্গত জনক পুখুৰীৰ পৰা আৰক্ষীৰ এটা দলে অভিযান চলাই ড্ৰাগছ জব্দ কৰাৰ লগতে আটক কৰে দুজন সৰবৰাহকাৰী(Two drugs peddlers arrested at Khotkhoti) ক ৷ এগৰাকী মহিলা সহ দুজনীয়া সৰবৰাহকাৰীৰ দলটোৱে ডিমাপুৰৰ দিশৰ পৰা আহি আছিল ৷
লগতে চাওক:অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত আটক ড্ৰাগছ সৰবৰাহকাৰী