অসম

assam

ধনশিৰিত বুজন পৰিমানৰ ড্ৰাগছ জব্দ

By

Published : Aug 2, 2021, 9:59 PM IST

ড্ৰাগছ মুক্ত অসম গঢ়াৰ উদ্দেশ্যে অসম আৰক্ষীৰ ব্যাপক অভিযান অব্যাহত থকাৰ মাজতো ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ চোৰাং ব্যৱসায় ৷ সোমবাৰে ধনশিৰিত বুজন পৰিমানৰ ড্ৰাগছসহ আৰক্ষীৰ জালত পৰে দুজন ড্ৰাগছ সৰবৰাহকাৰী ৷ তেলৰ টেংকীত কৌশলেৰে লুকুৱাই অনা ড্ৰাগছখিনি উদ্ধাৰৰ পাচতে পোহৰলৈ আহিছে ড্ৰাগছ সৰবৰাহকাৰীয়ে অৱলম্বন কৰা ন ন কৌশলৰ তথ্য ৷

two-drugs-peddler-were-arrested-with-huge-amount-of-drugs-at-dhansiri
ধনশিৰিত বুজন পৰিমানৰ নিষিদ্ধ ড্ৰাগছ জব্দ

ডিফু, 2 আগষ্ট : অসম-নাগালেণ্ড সীমান্তত ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই নিষিদ্ধ দ্ৰৱ্য সৰবৰাহৰ বাবে বিভিন্ন পথৰ ব্যৱহাৰ কৰাৰ লগতে কেতবোৰ ন ন কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷ সোমবাৰে ধনশিৰিত বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ হোৱাৰ পিছতে পোহৰলৈ আহিছে ড্ৰাগছ সৰবৰাহকাৰীয়ে নতুন কৌশল অৱলম্বন কৰাৰ কথা ৷ আন্তৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা আৰক্ষীয়ে নিছিদ্ৰ তালাচী অভিযান চলাই অহাৰ বিপৰীতে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰইয়ো নিতৌ ন-ন কৌশল অৱলম্বন কৰি ড্ৰাগছ সৰবৰাহ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷ ইয়াৰ মাজতে সোমবাৰে বিয়লি কাৰ্বি আংলং জিলা আৰক্ষীয়ে অভিযান চলাই ধনশিৰিত হেৰ'ইনসহ দুটা ড্ৰাগছ সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হয় ৷

ধনশিৰিত বুজন পৰিমানৰ নিষিদ্ধ ড্ৰাগছ জব্দ

ঘটনাৰ বিৱৰণী অনুসৰি, ধনশিৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজুৰ ছেত্ৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এক নিৰ্দিষ্ট খবৰৰ ভিত্তিত ধনশিৰিত এক অভিযান আৰম্ভ কৰিছিল ৷ উক্ত অভিযানত আৰক্ষীয়ে SS7 D 0007 নম্বৰৰ এখন ক'লা ৰঙৰ স্কৰপিঅ' বাহনৰ পৰা বুজন পৰিমানৰ হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দ হোৱা ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য কমেও ছয় লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে ৷ আৰক্ষীৰ চকুত ধূলি দিবৰ বাবে সৰবৰাহকাৰী দলটোৱে বাহনখনৰ তেলৰ টেংকিত কৌশলেৰে ড্ৰাগছখিনি লুকুৱাই আনিছিল ৷

ধনশিৰিত বুজন পৰিমানৰ নিষিদ্ধ ড্ৰাগছ জব্দ

উল্লেখ্য যে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃত সৰবৰাহকাৰী দুটা ক্ৰমে আলতাব হুছেইন (26) আৰু ছবিৰ হুছেইন (24) বুলি চিনাক্ত কৰা হৈছে ৷ আনহাতে ধনশিৰি আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনি ডিমাপুৰৰ যিজন ব্যক্তিয়ে দিছিল সেই ব্যক্তিজনৰ সন্ধানত ধৃত সৰবৰাহকাৰী কেইটাক লগত লৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাচতে এখন ড্ৰাগছ মুক্ত অসম গঢ়াৰ বাবে কঠোৰৰ পৰা কঠোৰ হোৱাৰ বাবে অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ পাচতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছিল বুজন পৰিমানৰ ড্ৰাগছসহ অন্যান্য নিচাজাতীয় সামগ্ৰী ৷ তাৰ পাচৰে পৰা অসম আৰক্ষীয়ে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযান ৷

লগতে পঢ়কঃলাফিকুলৰ হত্যাকাণ্ড : তিনি হত্যাকাৰীৰ নাম ঘোষণা CBI ৰ

ABOUT THE AUTHOR

...view details