অসম

assam

By

Published : Jan 4, 2022, 7:01 PM IST

Updated : Jan 4, 2022, 7:59 PM IST

ETV Bharat / state

Humanity is still alive : অতিশয় শীতৰ পৰা ৰক্ষা কৰি দুটি শিশুক উদ্ধাৰ কৰিলে আৰক্ষীয়ে

সমাজৰ পৰা এতিয়াও হেৰাই যোৱা নাই মানৱতা (Humanity is still alive) ৷ এনে মানৱদৰদী লোকৰ বাবেই প্ৰচণ্ড শীতৰ পৰা ৰক্ষা পৰিল দুই শিশু ৷ ক’ত আৰু কেনেকৈ সংঘটিত হৈছে এই ঘটনা ৷ সবিশেষ এই বাতৰিত...

Humanity is still alive
অতিশয় শীতৰ পৰা ৰক্ষা কৰি দুটি শিশুক উদ্ধাৰ কৰিলে আৰক্ষীয়ে

ডিফু, ৪ জানুৱাৰী :এতিয়া সকলো ব্যস্ত ৷ মানুহৰ অলেখ ভিৰৰ মাজত থাকিলেও এতিয়াও অকলশৰীয়া মানুহ ৷ এক প্ৰকাৰ ক’ব পাৰি যে, মানুহৰ মাজতেই হেৰাই গৈছে মানুহৰ অস্তিত্ব ৷

কাৰো কথাই যেন ভাবিবলৈ অকণমানো আহৰি নাই কাৰো । নিজক লৈয়ে সকলোৰে ব্যস্ত । তাৰ মাজতো এনে একাংশ লোক আছে, যি আনতকৈ পৃথক ৷ অৱশ্যে আনৰ সুখত নিজৰ সুখ বিচাৰি পোৱা তেনে মানুহ একেবাৰেই নগন্য ৷

সমাজত এতিয়াও হেৰাই যোৱা নাই মানৱতা (Humanity is still alive) । এচাম লোকৰ মানৱতাৰ স্খলনৰ বিপৰীতে আকৌ আন এচাম লোকে দেখুৱাই আহিছে মানৱতাৰ এক সুন্দৰ নিদৰ্শন । এনে মানৱদৰদী লোকৰ বাবেই হয়তু সমাজত আজিও জীয়াই আছে মানৱ ধৰ্ম ।

আজি আপোনালোকক এনে মানৱদৰদী লোকৰ বিষয়ে উল্লেখ কৰি আৰম্ভ কৰিছো এই প্ৰতিবেদন ৷

এতিয়া পুহ মাহ ৷ পুহৰ ঠেঁটুৱৈ লগা জাৰত সকলোৱে বিচাৰে গৰমৰ উম ৷ তাতে যদি মাৰ বুকুৰ উম হয়, তেন্তে পুহৰ ঠেঁটুৱৈ লগা জাৰেও হয়তো লাজতে আঁতৰি যায় ৷

কিন্তু সোমবাৰে নিশা এক ব্যতিক্ৰম পৰিৱেশ দৃশ্যমান হ’ল পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত ৷ মাতৃৰ বুকুৰ উম বিচাৰি হাঁড় কঁপোৱা প্ৰচণ্ড শীতত ৰাজপথত দুই ফুল-কুমলীয়া শিশুৱে কৰিছে ক্ৰন্দন ৷ মাকক বিচাৰি শিশু দুটিয়ে কৰিছে হাহাকাৰ ৷

অতিশয় শীতৰ পৰা ৰক্ষা কৰি দুটি শিশুক উদ্ধাৰ কৰিলে আৰক্ষীয়ে

কিন্তু শিশুদুটিৰ মাকৰ কথা শুনিলে আপুনিও হ’ব আচৰিত ৷ হাঁড় কঁপোৱা প্ৰচণ্ড শীতত দায়িত্ব জ্ঞানহীন দুই শিশুৰ মাতৃগৰাকীয়ে ৰাজপথৰ ওপৰতে মদৰ নিচাত মাতালহৈ ঘূৰি ফুৰিছে ৷ শিশুদুটিৰ কান্দোনেও যেন চুব পৰা নাই তেওঁৰ হৃদয় ৷

হয়, নৱবৰ্ষৰ তৃতীয় দিনাই ডিফুত সংঘটিত হৈছে এই ঘটনা ৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, সোমবাৰে নিশা প্ৰায় ৮ মান বজাত ডিফুৰ বিৰলাত সংঘটিত হয় উক্ত ঘটনা ৷ উক্ত ঘটনা প্ৰত্যক্ষ কৰি কাৰ্বি ইউনাইটেড কাউঞ্চিল(Karbi United Council)ৰ সভাপতিগৰাকীয়ে ঘটনা সন্দৰ্ভত তৎক্ষণাত খবৰ দিয়ে ডিফু আৰক্ষীক ৷

উক্ত খবৰৰ ভিত্তিতেই ডিফু থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জে. এছ খবুঙ (DC J S Khubung)ৰ নেতৃত্বত উপ-পৰিদৰ্শক নিবুলৰ সহিতে আৰক্ষীৰ এটা দল উপস্থিত হয় সেই স্থানত ৷ উক্ত স্থানৰ পৰা আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰে জাৰত ঠৰঙা লগা ভোকাতুৰ শিশু দুটিক (Two children rescued by police in Diphu) ৷ লগতে উদ্ধাৰ কৰে মাত্ৰাধিক নিচাসক্ত হৈ ৰাজপথত ঘূৰি থকা শিশুদুটিৰ মাতৃক ৷

পৰৱৰ্তী সময়ত আৰক্ষীৰ দলটোৱে শিশু দুটিৰ লগতে নিচাসক্ত মাতৃগৰাকীক গতাই দিয়ে পৰিয়ালৰ লোকক ৷ কাৰ্বি ইউনাইটেড কাউঞ্চিলৰ সভাপতি আৰু ডিফু আৰক্ষীৰ মহানুভৱতাক এতিয়া সকলোৱে কৰিছে প্ৰশংসা ৷ ডিফু আৰক্ষী তথা কাৰ্বি ইউনাইটেড কাউঞ্চিলৰ সভাপতিগৰাকীৰ দৰে একাংশ লোক বৰ্তমানেও সমাজখনত আছে বাবেই আজিও সমাজত বৰ্তী আছে মানৱতা ৷

লগতে পঢ়ক :ত্ৰিপুৰাত বিজেপি আৰু বিৰোধীৰ বাবে পৃথক নিয়ম : অভিষেক বেনাৰ্জী

Last Updated : Jan 4, 2022, 7:59 PM IST

ABOUT THE AUTHOR

...view details